ৰাজ্যসভাৰ সাংসদ হ’বলৈ অসমলৈ আহি আছে বিহাৰৰ ৰাম বিলাস!

ৰাজ্যসভাৰ সাংসদ হ’বলৈ অসমলৈ আহি আছে বিহাৰৰ ৰাম বিলাস!

ডিজিটেল ডেস্কঃ এলজেপি মুৰব্বী তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাচোৱানক অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠিয়াব পাৰে বিজেপিয়ে।সেই সন্দৰ্ভত চিন্তা-চৰ্চা চলিছে বিজেপি নেতৃত্বৰ মাজত।ইয়াক লৈ ইতিমধ্যে আলোচনাও হৈছে এলজেপি আৰু বিজেপিৰ নেতৃত্বৰ মাজত। আগন্তুক লোকসভা নিৰ্বাচনৰ আসনৰ ভাগ-বতৰাক লৈ তেনে এক ইংগিতেই দিছে দুই দলৰ নেতৃত্বই।

২০১৯চনৰ এপ্ৰিল মাহত খালী হ'ব প্ৰাক্তন প্রধানমন্ত্ৰী মনমোহন সিঙৰ ৰাজ্যসভাৰ আসনখন। উক্ত আসনখনত কংগ্ৰেছ দলে নিজ দলৰ প্ৰাৰ্থী বা মনমোহন সিঙক ৰাজ্যসভালৈ পুনৰ নিৰ্বাচন কৰি পঠিওৱাৰ শক্তি নাই বিধানসভাত। ১২৬জনীয়া বিধানসভাত কংগ্ৰেছৰ আসনৰ সংখ্যা মাত্ৰ ২৫। সেয়েহে বিজেপি শীৰ্ষ নেতৃত্বই বিচাৰিলে অতি সহজে অসমৰ পৰা এলজেপি ৰাম বিলাস পাচোৱানক বিজেপিৰ বিধায়কসকলে ৰাজ্যসভাৰ খালী হ'বলগীয়া আসনখনৰ বিপৰীতে ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠিয়াব পাৰে।

বিহাৰৰ এই গৰাকী নেতাই ইতিমধ্যে ৮ বাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছে। হাজিপুৰ সাংসদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ৰাম বিলাস পাচোৱান ২০১৭চনত লণ্ডনত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰো হৈ গৈছিল। সেয়েহে পৰিয়ালে বিচাৰিছে, লোকসভাতকৈ তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যাওঁক। বিজেপি নেতৃত্বই ৰাম বিলাস পাচোৱানক ৰাজ্যসভালৈ পঠিওৱাৰ বিনিময়ত বিহাৰত এলজেপিক এৰি দিয়া ৬খন আসনৰ ভিতৰত ৫খনহে দলটোক দিব লাগিব।

তেনে কিছু ৰাজনৈতিক সমীকৰণেৰে এই দিশত চিন্তা-চৰ্চা চলিছে এতিয়া। এক সূত্ৰ অনুসৰি ৰাম বিলাস পাচোৱানে বিজেপি নেতৃত্বৰ এই প্ৰস্তাৱত সন্মতি দিছে। পাচোৱানে তেওঁৰ হাজিপুৰ সমষ্টিত পুত্ৰক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এৰি দি অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত কৰা বিজেপিৰ প্ৰস্তাৱক ইতিবাচক দৃষ্টিৰে গ্ৰহণ কৰিছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰচাৰ হৈছে এই খবৰ। পূৰ্বতে কংগ্ৰেছেও এই নীতিৰেই বাহিৰৰ নেতাক ৰাজ্যসভালৈ অসমৰ পৰা নিৰ্বাচন কৰি পঠিয়াইছিল। সঞ্জয় সিঙৰ দৰে ব্যক্তিও কংগ্ৰেছৰ শাসনকালত অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। সেই একে পথকে অনুসৰণ কৰি বিজেপিয়ে এইবাৰ বিহাৰৰ এজন ৰাজনৈতিক নেতাক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠিয়াবলৈ লোৱা চিন্তা-চৰ্চা সন্দৰ্ভত ৰাজ্যিক বিজেপি নেতৃত্বই এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

ইফালে, ৰাষ্ট্ৰীয় বহু প্ৰতিষ্ঠিত সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পোৱাত বৰ্তমানৰ ৰাজ্যৰ পৰিস্থিতক লৈ কোনো চক্ৰই বিহাৰৰ ৰাজনৈতিক নেতাৰ আমদানিৰে অসমৰ পৰিস্থিতি আৰু অধিক জটিল কৰিবলৈ অপপ্ৰচাৰ চলাইছে নেকি বুলিও চৰ্চা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in