শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

যাত্ৰী নহয়, অসমত এতিয়াৰে পৰা যাত্ৰীবাহী ৰে’লত থাকিব আইছ’লেশ্যন কক্ষ, ৰাখিব কোৰোনাৰ ৰোগীক…

762

ডিজিটেল ডেস্কঃ কোৰোনাৰে যুঁজিবলৈ প্ৰস্তুত ভাৰতীয় ৰে’ল বিভাগ। ইতিমধ্যে ৰে’লৱেয়ে নিৰ্মাণ কৰি উলিয়াইছে আইছ’লেশ্যন কক্ষ। ইয়াৰ বাবে কোনো অট্টালিকা ব্যৱহাৰ কৰা নাই ৰে’লৱেয়ে। কোৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা লকডাউনৰ বাবে দেশত চলোৱা নাই যাত্ৰীবাহী ৰে’ল।

ৰে’লৰ জৰিয়তে যাতে কোনো লোকে যাত্ৰা কৰোতে কোৰোনাৰ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ সময়ৰে পৰা বন্ধ কৰি ৰখা হৈছে যাত্ৰীবাহী ৰে’ল। তাৰ বিপৰীতে এতিয়াও মালবাহী ৰে’লে অসমলৈ খাদ্য সামগ্ৰী কঢ়িয়াই আছে।

Image

উত্তৰ পূব সীমান্ত ৰে’লৱেয়ে যাত্ৰীবাহী ৰে’লত নিৰ্মাণ কৰিছে আইছ’লেশ্যন কক্ষ। কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে কামাখ্যা ষ্টেচনত ৰে’লৰ ডবাত কৰা হৈছে আইছ’লেশ্যনৰ বেৱস্থা। প্ৰতিটো ডবাকে একো-একোটা আইছ’লেশ্যন কক্ষলৈ ৰূপান্তৰিত কৰা হৈছে।

Image

প্ৰতিটো কক্ষতে ৰাখিব পাৰিব ৯গৰাকীকৈ ৰোগীক। কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ অসমত যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে এই ব্যৱস্থা কৰিছে উত্তৰ পূব সীমান্ত ৰে’লৱেয়ে। ইফালে ৰে’লসমূহ সুন্দৰকৈ সজাই-পৰাই ৰখা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি