বস্ত্ৰনগৰী শুৱালকুছি, জ্যোতি প্ৰসাদৰ ‘পঁকী’ জিলিকিব গণৰাজ্য দিৱসৰ পেৰেডত

বস্ত্ৰনগৰী শুৱালকুছি, জ্যোতি প্ৰসাদৰ ‘পঁকী’ জিলিকিব গণৰাজ্য দিৱসৰ পেৰেডত

ডিজিটেল ডেস্কঃ গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপটক লৈ অব্যাহত থকা বিতৰ্কৰ মাজতেই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে অনুমোদন জনালে অসমৰ প্ৰতীকপটত৷ গণৰাজ্য দিৱসৰ যোগেদি পুনৰবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বস্ত্ৰনগৰী শুৱালকুছি৷ পূৰ্বৰ বছৰ সমূহৰ দৰেই একালত গান্ধীজীয়ে ভ্ৰমণ কৰা শুৱালকুছিৰ বস্ত্ৰ সম্ভাৰ তথা বিশেষত্ব জিলিকি উঠিব ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত৷

উল্লেখ্য যে, ১৯৪৬ চনত শুৱালকুছিলৈ আহিছিল মহাত্মা গান্ধী৷ বস্ত্ৰনগৰী শুৱালকুছিৰ পৰিৱেশ দেখি অভিভূত হৈছিল জাতিৰ পিতা৷ খাদীৰ ওপৰত বিশ্বাসী অহিংসাৰ প্ৰতীক বাপুজীয়ে সদায় নিজে কাপোৰ উৎপাদন কৰি পৰিধান কৰাৰ সপক্ষে মত আগবঢ়াইছিল৷ তেনেস্থলত শুৱালকুছিৰ শিপিনী সকলক উদ্দেশ্যি বহু মন্তব্য কৰিছিল তেওঁ৷ শুৱালকুছিৰ বস্ত্ৰ উদ্যোগক প্ৰশংসা কৰি শিপিনীসকলক তেওঁ কৈছিল- 'অসমৰ মহিলাই তাঁতৰশালত সপোন ব'ব পাৰে।'

জাতিৰ পিতাৰ সেই বাক্য ফাঁকি এতিয়াও প্ৰতিজন লোকৰ অন্তৰত৷ সেয়েহে শুৱালকুছি আৰু মহাত্মা গান্ধীক এইবাৰৰ অসমৰ প্ৰতীকপটৰ বিষয় হিচাপে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ইফালে শুৱালকুছিৰ উপৰিও এইবাৰ অসমৰ প্ৰতীকপটত থাকিব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহ 'পঁকী'। মহাত্মা গান্ধীয়ে অসম ভ্ৰমণকালত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহত ভ্ৰমণ কৰিছিল৷

বস্ত্ৰ নগৰী শুৱালকুছি, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহ 'পঁকী'ৰ উপৰিও প্ৰতীকপটত প্ৰদৰ্শিত হ'ব অসমৰ কুটিৰ শিল্প৷ কিয়নো মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰা সময়ত ৰাজ্যখনৰ কুটিৰ শিল্পক বিশেষভাৱে প্ৰশংসা কৰিছিল। প্ৰতীকপটত ভূপেন হাজৰিকাৰ গীতত ৰঞ্জিত গগৈৰ পৰিচালনাত ১০ গৰাকী শিল্পীয়ে পৰিৱেশন কৰিব সত্ৰীয়া শৈলীত নৃত্য। ইয়াৰ বাবে প্ৰস্তুতি চলাইছে দলটোৱে৷ পূৰ্বে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰনালয়ে নিৰ্ধাৰণ কৰা বিভিন্ন বিষয়সমূহৰ দৰে এইবাৰৰ বিষয় হিচাপে নিৰ্ধাৰণ কৰা হৈছে মহাত্মাগান্ধীয়ে কটোৱা দেশৰ বিভিন্ন স্থানসমূহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in