নিমাতি কন্যা বিধায়িকা ৰেনুপমা ৰাজখোৱাঃ টীয়কত ভূপেন বৰাৰ মন্তব্য

নিমাতি কন্যা বিধায়িকা ৰেনুপমা ৰাজখোৱাঃ টীয়কত ভূপেন বৰাৰ মন্তব্য


ডিজিটেল সংবাদ টীয়ক: ক্ৰমে নিশকটীয়া হৈ পৰা কংগ্ৰেছৰ সাংগঠনিক দিশ টনকিয়াল কৰাৰ উদ্দেশ্যে উজনি অসম ভ্ৰমনৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মংগলবাৰে সন্ধিয়া টীয়কত দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে আগন্তুক দিনত সকলো কৰ্মী সংঘবদ্ধ হৈ দলীয় স্থিতি অধিক মজবুত কৰাৰ আহ্বান জনায় ।

টীয়কৰ কলিয়াপানী ব্লক কংগ্ৰেছ সমিতিৰ কাৰ্যালয়ত দুই শতাধিক দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত এই সভাত কংগ্ৰেছৰ সভাপতি গৰাকীয়ে টীয়কৰ দলীয় সতীৰ্থসকলৰ ত্যাগক উচ্চ প্ৰসংশা কৰি কয় যে, বিজেপিৰ বিভিন্ন প্ৰলোভনত ভোল নগৈ টীয়কৰ কংগ্ৰেছ কৰ্মী সকলে যি স্থিতি গ্ৰহণ কৰিছে সেয়া আনৰ বাবে অনুকৰণীয়।

ইপিনে এই প্ৰতিবেদকৰে হোৱা এক আছুতীয়া সাক্ষাৎত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে টীয়কৰ বিধায়িকা গৰাকীক নিমাতি কন্যা আখ্যা দি কয়, টীয়কৰ সমস্যা বিধান সভাৰ মজিয়াত উত্থাপন নকৰি মৌন হৈ বহি থাকে বিধায়িকাগৰাকী । বিধান সভা হ'ল অসমৰ সমষ্টি সমূহৰ বিভিন্ন সমস্যা সমূহ উত্থাপন কৰাৰস্থলী ।যিসকল বিধায়কে বিধান সভাৰ ভিতৰে বাহিৰে নিজ নিজ সমষ্টিৰ সমস্যাৰ বিষয়ে সৰৱ হৈ থাকে তেঁওলোকৰ সমষ্টি সমূহ উন্নয়ন সাধন হৈছে।কিন্তু টীয়কৰ বিধায়িকা গৰাকীৰ নিমাতি কন্যা ভূমিকাৰ বাবে স্তব্ধ হৈছে টীয়কৰ উন্নয়ন।

তেওঁ আশা কৰে আগন্তুক দিনত টীয়ক সমষ্টিৰ ৰাইজে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত কথাবোৰ বিবেচনা কৰিব। ইপিনে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাই সোমবাৰে যোৰহাটত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই কয়, যোৰহাট জিলাৰ উপায়ুক্ত গৰাকীয়ে উক্ত অনুষ্ঠানলৈ বিধায়ক গৰাকীক নিমন্ত্ৰণ জনোৱাৰ বাবেহে তেওঁ উক্ত অনুষ্ঠানলৈ গৈছিল । দলীয় অনুষ্ঠানলৈ উপায়ুক্তই অভিসন্ধিমূলক ভাৱে আমন্ত্ৰণ জনোৱা কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে, উপায়ুক্ত সকলে চৰকাৰী কাম কাজত মনোনিবেশ কৰিব লাগে ।উপায়ুক্ত গৰাকীয়ে শাসকীয় দলৰ হাঠিয়াৰ হিচাপে কাম কাজ কৰিলে শোভা নাপায় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in