পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ বিশেষ কমিটি

পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ বিশেষ কমিটি

ডিজিটেল সংবাদ, গুৱাহাটীঃ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে কংগ্ৰেছ। এই অনুযায়ী দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত প্ৰচাৰ অভিযান চলাবলৈ গঠন কৰা হৈছে ২০জনীয়া এখন বিশেষ কমিটি।

পঞ্চায়ত নিৰ্বাচনৰ বাবে গঠন কৰি দিয়া কমিটিখনৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হৈছে প্ৰাক্তন মন্ত্ৰী বসন্ত দাসক। আহ্বায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পংকজ বৰবৰা আৰু দুলু আহমেদক। সহঃ আহ্বায়কৰ দায়িত্ব দিয়া হৈছে ইমদাদ হুছেইনক।

আনহাতে সদস্যসকল হৈছে ভগীৰথ কৰণ, মুকুল শৰ্মা, দুৰ্গা দাস বড়ো, ববিতা শৰ্মা, জয়নাথ শৰ্মা, ঋতুপৰ্ণ কোঁৱৰ, দ্বীপেন ডিৱানজি, মনোৰঞ্জন বুঢ়াগোহাঁই, কমল কুমাৰ মেধি, গুল আকতাৰ বেগম, হিৰণ মণি ফুকন, প্ৰফুল্ল দাস, ৰাতুল পাটোৱাৰী, মৃদুল মালাকৰ, শান্তনু বৰা আৰু হিৰণ্য দাস।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in