ছয় জনগোষ্ঠীৰ জনজাতিকৰণত কোনো আপত্তি নাই :অনুসূচিত জনজাতি মৰ্চা,অসম প্ৰদেশ বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক …

ছয় জনগোষ্ঠীৰ জনজাতিকৰণত কোনো আপত্তি নাই :অনুসূচিত জনজাতি মৰ্চা,অসম প্ৰদেশ বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক …

ডিজিটেল সংবাদ ,কোকৰাঝাৰঃ পৰিষদীয় নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে কোকৰাঝাৰৰ পৰাই ৰণশিঙা বজালে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ।কোকৰাঝাৰত পোণপ্ৰথমবাৰৰ বাবে সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম প্ৰদেশ বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে বিটিচি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে দলীয় কাৰ্যকৰ্তাক সাজু হবলৈ আহ্বান জনায়।

কোভিড ১৯ প্ৰটোকল , বিটিচিৰ পৰিষদীয় নিৰ্বাচন স্থগিত , বিপিএফ -বিজেপিৰ মিত্ৰতাত ফাঁট আদি পৰিস্থিতিৰ মাজতে আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কোকৰাঝাৰত উপস্থিত হৈয়ে বিপিএফৰ সতে মিত্ৰতা অব্যাহত থাকিব নে নাই সেয়া কেন্দ্ৰীয় নেৰ্তৃবৰ্গই চুড়ান্ত কৰিব বুলি মন্তব্য কৰে । বিপিএফৰ বহু নেতাই বিজেপি দলত যোগদানৰ বাবে যোগাযোগ কৰি আছে আৰু কিছু আনুষ্ঠানিক পদ্ধতিৰ পিছতে একাংশ বিপিএফ নেতা বিজেপিত যোগদান কৰিবই বুলি মন্তব্য কৰিছে।

তদুপৰি ৰঞ্জিত কুমাৰ দাসে বিটিচি নিৰ্বাচনত বিজেপিয়ে অকলশৰেই নিৰ্বাচনত অবতীৰ্ণ হৈছে আৰু মুল প্ৰতিদ্বণ্ডী ইউপিপিএল , বিজেপি , গণ সুৰক্ষা মঞ্চ হব যদিও কংগ্ৰেছ এআইইউডিএফৰ সতে কোনো প্ৰতিদ্বণ্ডী নহয় বুলি মন্তব্য কৰে । পঞ্চায়ত নিৰ্বাাচনত যেনেদৰে বিপিএফ ,অগপ , বিপিএফে অকলশৰে নিৰ্বাচনত অবতীৰ্ণ হৈছিল , বিটিচি নিৰ্বাচনতো বিজেপিয়ে অকলশৰেই প্ৰতিদ্বণ্দিতাত অবতীৰ্ণ হৈছে আৰু দুটা অংকবিশিষ্ট আসন লাভ কৰিব বুলি দাবী কৰি পৰিষদীয় চৰকাৰত এইবাৰ বিজেপি দলে অংশীদাৰ হবই বুলি নিশ্চিতি প্ৰদান কৰে ।
উল্লেখ্য যে তিনিদিনীয়ালৈ কোকৰাঝাৰত অনুষ্ঠিত হবলগীয়া অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ বাবে আজি কোকৰাঝাৰত উপস্থিত হোৱা ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক দলীয় কৰ্মকৰ্তাই উষ্ম আদৰণি জনায় ।কোকৰাঝাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখৰ পৰাই ৰঞ্জিত দাসক দলীয় কৰ্মকৰ্তাই মটৰচাইকেল সমদলেৰে সদৰ চহৰলৈ আদৰি নিয়ে ।

প্ৰণিধানযোগ্য যে কোকৰাঝাৰত সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া , উত্তৰ পূৱ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক অজয় জামৱাল , ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আদিকে ধৰি বহুসংখ্যক বিজেপি নেতাই পৰ্যায়ক্ৰমে অংশগ্ৰহণ কৰিব ।

ইপিনে বিয়লি ৩:০০ বজাত কোকৰাঝাৰ উচ্চতৰ আৰু বহুমুখী মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত হোৱা এক সংবাদমেলত বিজেপিৰ ৰাজ্যিক অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি হৰেন দেউৰীয়ে কাৰ্যসূচীৰ বিতং বাখ্যা কৰি কাৰ্যনিৰ্বাহক বৈঠকত তিনি শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকিব বুলি সদৰি কৰে । আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত বিজেপিৰ ৰাজ্যিক অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি হৰেন দেউৰীয়ে বৰ্তমানৰ জনজাতিৰ কোনোধৰণৰ ক্ষয়ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণত কোনো আপত্তি নাই বুলি মন্তব্য কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in