ৰাজ্যৰ ২০ শীৰ্ষ আৰক্ষী বিষয়াক পদোন্নতি-বদলি, পঢ়ক সবিশেষ তালিকা…

ৰাজ্যৰ ২০ শীৰ্ষ আৰক্ষী বিষয়াক পদোন্নতি-বদলি, পঢ়ক সবিশেষ তালিকা…
  • চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতিক কোকৰাঝাৰৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি।
  • মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আনন্দ টকবিক লামডিঙৰ এপিটিএফৰ আইচিৰ দায়িত্ব।
  • নগাঁৱৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাপৰি চেতিয়াক জামুগুৰিহাট এপিবিএনৰ আইচিৰ দায়িত্ব অৰ্পন।
  • চন্তিলাৰ ৫ম এপিবিএনৰ বিষয়া মেৰিলিন জাউলচাংমাৱীক ডিমাহাচাওৰ নিৰাপত্তা বাহিনী শাখাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব।
  • বিজনীৰ এছডিপিঅ' প্ৰকাশ মেধীক চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি।
  • ওদালগুৰিৰ উপ আৰক্ষী অধীক্ষক মহম্মদ মইদুল ইছলামক লীলাবাৰী লখিমপুৰৰ এপিবিএনৰ দায়িত্ব।
  • গুৱাহাটীৰ আইন শৃংখলা শাখাৰ উপ আৰক্ষী অধীক্ষক দেৱৰ্শী চৌধুৰীক ধুবুৰীৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি।
  • গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াক মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি।
  • আৰক্ষী আয়ুক্তালয়ৰ এচিপি পল্লৱ তামুলীক মান্দাকাটাৰ কামাণ্ডু বেটেলিয়নৰ ডেপুটি কামাণ্ডেন্টৰূপে বদলি।
  • হামৰেন সদৰৰ উপ আৰক্ষী অধীক্ষক সুব্ৰত কুমাৰ সেনক অসম ভৱন, নতুন দিল্লীৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।
  • ৪নং এপিবিএনৰ কাহিলিপাৰাৰ সহ অধিনায়ক অনিৰ্বাণ শৰ্মাক পদোন্নতিসহ দৌলাশাল নলবাৰীৰ ১৪ নং এপিবিএনৰ দায়িত্ব।
  • গুৱাহাটীৰ যান-বাহন শাখা সহকাৰী আৰক্ষী আয়ুক্ত মৃন্ময় গোস্বামীক গুৱাহাটীৰ যান-বাহন শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্তলৈ পদোন্নতি।
  • কাটলিচেৰা, হাইলাকান্দি এপি (আইআৰ)ৰ উপ আৰক্ষী অধীক্ষক ফাইজ আহমেদ বৰভূঞাক শিলচৰৰ অসম-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমাৰ বিশেষ আৰক্ষী অধীক্ষকলৈ পদোন্নতি।
  • কামৰূপ জিলাৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক মৌচুমী কলিতাক উত্তৰ গুৱাহাটীৰ মাণ্ডাকাটাৰ কামাণ্ডো বেটেলিয়ানৰ উপ অধিনায়কলৈ পদোন্নতি।
  • নগাঁৱৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়াক নগাঁৱৰ সীমান্তৰ অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি।
  • ছত্তিশগড়ৰ ৰায়পুৰৰ এইমছত ডেপুটেছনত নিৰাপত্তা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা উপাসনা খাউণ্ডকো পদোন্নতি।
  • বাক্সাৰ শালবাৰীৰ মহকুমা আৰক্ষী বিষয়া ছফিকুল হুছেইনক নলবাৰীৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি।
  • নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া দীপজ্যোতি তালুকদাৰক চৰাইদেউৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকলৈ পদোন্নতি।
  • দক্ষিণ শালমৰাৰ উপ আৰক্ষী অধীক্ষক আৰিফ আহমেদক হাউলী, বৰপেটাৰ এপিটিএফ বিএনৰ দায়িত্ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in