ৰাজ্যৰ উত্তপ্ত পৰিস্থিতিৰ মাজতেই অসম আৰক্ষীৰ ৪৯ বিষয়াৰ ৰদবদল-পদোন্নতি

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসম আৰক্ষীত ব্যাপক সালসলনি।
  • ৪৯ গৰাকী আৰক্ষী অধীক্ষকক ৰদবদল-পদোন্নতি।
  • অসম আৰক্ষীৰ পূব মণ্ডলৰ জি আই জিলৈ কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ডিএছপি গাঞ্জাৱালাক পদোন্নতি।
  • শোণিতপুৰৰ আৰক্ষী অধীক্ষক পৃথ্বীপাল সিঙক পদোন্নতিসহ ডি আই জি (নিৰাপত্তা) পদলৈ বদলি।
  • বিটিএডিৰ ডি আই জি পদলৈ সত্যজিত হাজৰিকাক পদোন্নতি।
  • শ্যামলপ্ৰসাদ শইকীয়াক গৃহৰক্ষী বিভাগৰ ডি আই জি পদলৈ পদোন্নতি।
  • এম আই মণ্ডলক দুৰ্নীতি নিবাৰকৰ ডি আই জি পদলৈ পদোন্নতি।
  • লুইছ আইন্দক ডি আই জি (এন ই আৰ) পদলৈ পদোন্নতি।
  • আইনুল হকক আইন–শৃংখলাৰ ডি আই জি পদলৈ পদোন্নতি।
  • আবু ছোফিয়ানক ৰে'লৱেৰ ডি আই জি পদলৈ পদোন্নতি।
  • ডি আই জি দেৱৰাজ উপাধ্যায়ক গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পদলৈ বদলি।
  • গোলাঘাটৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়ক কৰিমগঞ্জলৈ বদলি।
  • গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত দিগন্ত বৰাক বদলি পুষ্পৰাজ সিঙক গোলাঘাটলৈ বদলি।
  • কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক কাৰ্বি আংলঙলৈ বদলি।
  • টিপি বিজয় কুমাৰক বাক্সাৰ আৰক্ষী অধীক্ষক ৰূপে বদলি।
  • বিনয় কলিতাক তৃতীয় এ পি টি এফৰ কমাণ্ডেণ্ট ৰূপে বদলি।
  • জয়ন্ত সিংহক ডি চি পি (অপৰাধ) ৰূপে বদলি।
  • শ্ৰী যুৱৰাজ হ'ব ধুবুৰীৰ নতুন আৰক্ষী অধীক্ষক।
  • সুধাকৰ সিঙক চিৰাঙৰ আৰক্ষী অধীক্ষক ৰূপে বদলি।
  • লংনিত টেৰাঙক ওদালগুৰিলৈ বদলি।
  • ওদালগুৰিৰ আৰক্ষী অধীক্ষক শ্ৰী ৰাজবীৰক বি আই ই অ'ৰ এছ পি ৰূপে বদলি।
  • মুগ্ধজ্যোতি দেৱ মহন্তক কাছাৰৰ এছ পি ৰূপে বদলি।
  • দিগন্ত বৰাক ডি আই জি (প্ৰশাসন) পদলৈ বদলি।
  • অখিলেশ কুমাৰ সিঙক ডি আই জি (জি ডব্লিউ আৰ)লৈ বদলি।
  • বৰপেটাৰ নতুন আৰক্ষী অধীক্ষক হ'ব ড০ ৰবীন কুমাৰ।
  • ভায়'লেট বৰুৱাক নৱম আৰক্ষী বাহিনীলৈ বদলি।
  • ২৬তম এ পি (আই আৰ) বি এনৰ অধিনায়ক হ'ব ভিভিঅ'ৰ ৰেড্ডী।
  • অপৰ্ণা এনক বিশেষ শাখাৰ এছ পি (এছ)লৈ বদলি।
  • ডিব্ৰুগড়ৰ এছ পি গৌতম বৰাক দশম আৰক্ষী বাহিনীলৈ বদলি।
  • সুভাশিনী শংকৰন ডিব্ৰুগড়ৰ নতুন আৰক্ষী অধীক্ষক।
  • ৱাই টি গেষ্টক দ্বাদশ আৰক্ষী বাহিনীলৈ বদলি।
  • কাছাৰৰ এছ পি ৰাকেশ ৰোশনক বিশ্বনাথলৈ বদলি।
  • দিগন্ত কুমাৰ চৌধুৰীক চতুৰ্থ এ পি টি এফলৈ বদলি।
  • বঙাইগাঁৱৰ নতুন এছ পি সুবোধ কুমাৰ সোণোৱাল,
  • হৃদয়জিত বৰ্মনক বি আই ই অ'লৈ বদলি।
  • চৰাইদেউৰ এছ পি জিৎমল দলেক যোৰহাটৰ এছ জি (জেড)লৈ বদলি।
  • ডি পি ঘানাৱাট ধেমাজিৰ নতুন আৰক্ষী অধীক্ষক হিচাপে বদলি।
  • নীলেশ টি স্বাৱাকাৰেক দুৰ্নীতি নিবাৰকলৈ বদলি।
  • প্ৰশান্ত শইকীয়াক ডি চি পি (ট্ৰেফিক) ৰূপে বদলি।
  • আনন্দ মিশ্ৰ হ'ব চৰাইদেউৰ নতুন আৰক্ষী অধীক্ষক।
  • অমনজিৎ কৌৰ নলবাৰীৰ নতুন এছ পি।
  • সুশান্ত বিশ্ব শৰ্মা গোৱালপাৰাৰ নতুন এছ পি।
  • তিনিচুকীয়াৰ নতুন এছ পি শিলাদিত্য চেতিয়া।
  • কুমাৰ সঞ্জিত কৃষ্ণ শোণিতপুৰৰ নতুন এছ পি।
  • ডিমা হাছাওৰ নতুন এছ পি শ্ৰী শ্ৰীজিত টি।
  • গোৱালপাৰাৰ এছ পি অমিতাভ সিনহাক শিৱসাগৰৰ এছ পি ৰূপে বদলি।
  • অমৃত ভূঞাক দৰঙৰ আৰক্ষী অধীক্ষক ৰূপে বদলি।
  • কংকণজ্যোতি শইকীয়াক দক্ষিণ শালমাৰৰ আৰক্ষী অধীক্ষক ৰূপে বদলি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in