শেহতীয়া খবৰ
পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ  •  মৃত্যু নহয়! বন বিভাগে হত্যা কৰিলে কৃষ্ণক...  •  ৫ কোটি টকীয়া ঢকুৱাখনা নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  •  চাবোনৰ কেচত ভৰাই ৰাখিছিল ৩০ লাখ টকাৰ হেৰোইন, কাছাৰত ৱাইন শ্বপৰ গৰাকীক আটক  •  ৮ জানুৱাৰীৰ পৰা অষ্টম বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজ্বলিল অসম আৰক্ষীৰ থুনলাই নাৰ্জাৰী…

201

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সোণৰ পদকেৰে উজ্বলিল কোকৰাঝাৰ জিলাৰ দোতমাৰ ঘিলাগুৰীৰ তথা অসম আৰক্ষীৰ দশম বেটেলিয়নত কৰ্মৰত থুনলাই নাৰ্জাৰী। যোৱা ৮ আগষ্টৰ পৰা ১৮ আগষ্টলৈ চীনৰ চেনডুগুত অনুষ্ঠিত হৈ থকা আন্ত:ৰাষ্ট্ৰীয় আৰক্ষী প্ৰতিযোগিতাত ভাৰতৰ নেতৃত্ব বহন কৰি মঙলবাৰে শ্বটফুটত সোণৰ পদক লাভ কৰে থুনলাই নাৰ্জাৰীয়ে।

থুনলাই নাৰ্জাৰীয়ে সোণৰ পদক লাভ কৰাত গৃহ জিলা কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে আৰু কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে থুনলাই নাৰ্জাৰীক অভিনন্দন জ্ঞাপন কৰি এয়া অসম আৰক্ষীৰ বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে ।

থুনলাই নাৰ্জাৰী নৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা আৰু থুনলাই নাৰ্জাৰীক অনুসৰণ কৰি ভৱিষ্যতে অসম আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সোণৰ পদক আজুৰি আনিব বুলি আশা প্ৰকাশ কৰে ৰাজেন সিঙে।


উল্লেখ্য যে, ইয়াৰ পূৰ্বে কাজাকাস্থান আৰু কাৰ্গিস্থানে যুটীয়াভাৱে আয়োজন কৰা ২২ তম আন্ত:ৰাষ্ট্ৰীয় টাটয়ানা কালপাকোভা প্ৰতিযোগিতাতো থুনলাই নাৰ্জাৰীয়ে অংশগ্ৰহণ কৰি শ্ব’টফুটত সোণৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি