৩১ আগষ্টত কুলধৰ শইকীয়াই ল’ব অৱসৰ, কোন হ’ব পৰৱৰ্তী সঞ্চালক প্ৰধান?

৩১ আগষ্টত কুলধৰ শইকীয়াই ল’ব অৱসৰ, কোন হ’ব পৰৱৰ্তী সঞ্চালক প্ৰধান?

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্রধান কোন হ'ব? ৩১ আগষ্টত অন্ত পৰিব বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ কাৰ্যকাল। তাৰপাছত অসম আৰক্ষী সঞ্চালক প্ৰধান ৰূপে কাক নিযুক্তি দিব ৰাজ্য চৰকাৰে?

ইতিমধ্যে চৰ্চালৈ আহিছে কেইবাটাও নাম। তথ্য অনুসৰি, গৃহ বিভাগে আৰক্ষী সঞ্চালক প্রধানৰ বাবে ৫ জনীয়া এখন তালিকা প্ৰস্তুত কৰিছে। পাঁচজনকৈ আৰক্ষী বিষয়াৰ নাম আছে এই তালিকাত। এই তালিকাৰ শীৰ্ষত আছে অনিল কুমাৰ ঝা।

বৰ্তমান চি আই ডিৰ বিশেষ আৰক্ষী সঞ্চালক ৰূপে কৰ্মৰত অনিল কুমাৰ ঝা। ১৯৮৬চনৰ আই পি এছ বিষয়া অনিল কুমাৰ ঝাৰ চাকৰিৰ কাৰ্যকাল অৱশ্যে ৮ মাহহে আছে। সেয়েহে ৮ মাহৰ বাবে তেওঁক এই পদত নিযুক্তি দিব নে নাই তাক লৈ সন্দেহ আছে।

আৰক্ষী সঞ্চালক প্ৰধানৰ বাবে চৰ্চালৈ অহা আন এটা নাম হৈছে ১৯৮৬চনৰে আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী। বৰ্তমান ডেপুটেশ্যনত আছে এইগৰাকী আৰক্ষী বিষয়া। তালিকাত থকা আন এটা নাম হ'ল- মেঘালয়ৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান চন্দ্ৰনাথন।

ইতিমধ্যে এখন ৰাজ্যত আৰক্ষী সঞ্চালক প্রধান ৰূপে কৰ্মৰত এইগৰাকী বিষয়াকো অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ৰূপে নিযুক্তি দিয়াৰ সম্ভাৱনা কিমান তাক লৈও সন্দেহ আছে। আনহাতে তালিকাত থকা আন দুগৰাকী আৰক্ষী বিষয়া হ'ল- এ কে সিনহা কাশ্যপ আৰু ভাস্কৰজ্যোতি মহন্ত।

এ কে সিনহা কাশ্যপ বৰ্তমান অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ৰূপে কৰ্মৰত হৈ আছে। ইফালে, ১৯৮৬চনৰে আই পি এছ বিষয়া ভাস্কৰজ্যোতি মহন্ত বৰ্তমান সীমান্ত শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান।

এই পাঁচোজনৰ মাজৰ পৰাই নিৰ্বাচন কৰা হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান। তালিকাত থকা সকলৰ ভিতৰত ভাস্কৰজ্যোতি মহন্ত বা জ্যোতিৰ্ময় চক্ৰৱৰ্তীক আৰক্ষী সঞ্চালক প্ৰধান ৰূপে নিযুক্তি দিয়াৰ সম্ভাৱনাও নথকা নহয়। কিয়নো অসম আৰক্ষীত দীৰ্ঘসময় ধৰি নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰা ভাস্কৰজ্যোতি মহন্তৰ লগতে এই তালিকাত থকা আনজন অসমীয়া আই পি এছ বিষয়া হ'ল জ্যোতিৰ্ময় চক্ৰৱৰ্তী।

অসম আৰক্ষীৰ সংস্কাৰ আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত পূৰ্বৰে পৰা এক দায়িত্বশীল ভূমিকা পালন কৰি আহিছে ভাস্কৰজ্যোতি মহন্তই। সেয়েহে ৰাজ্য চৰকাৰে বিশেষভাৱে এইগৰাকী বিষয়াৰ নাম আৰক্ষী সঞ্চালক প্ৰধানৰূপে বিবেচনা কৰাৰ সম্ভাৱনা আছে। অৱশ্যে কোনে শেষ মুহূৰ্তত এই দায়িত্ব লাভ কৰে সেয়া সময়তহে গম পোৱা যাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in