অসম আৰক্ষীৰ আধুনিকীকৰণলৈ আৰু কিমান দিন…

অসম আৰক্ষীৰ আধুনিকীকৰণলৈ আৰু কিমান দিন…

♦ ডি জে ধনন্তৰি

ৰঙা পুলিচ৷ স্বাধীনতাৰ পূৰ্বে আৰক্ষী বুলিলেই সকলোৱে এনেকৈয়ে জানিছিল৷ আৰক্ষীৰ সৈতে জড়িত আৰু এটা জনপ্ৰিয় শব্দ আছিল ডাৰোগা৷ পুলিচৰ প্ৰতি জনতাৰ ভয় আছিল অপৰিসীম৷ ভয় থকাটোৱেই স্বাভাৱিক৷ পৰাধীনতাৰ সেই সময়ছোৱাত ব্ৰিটিছৰ নিৰ্দেশত যিকোনো মুহূৰ্ততে স্বাধীনতাকামী জনতাৰ ওপৰত জপিয়াই পৰিছিল আৰক্ষী৷ পুলিচৰ প্ৰতি থকা সেই ভয় জনতাৰ মাজৰ পৰা আজিও মাৰ যোৱা নাই৷

পৰিসংখ্যা অনুযায়ী ভাৰতত প্ৰতি ১লাখজন লোকৰ বিপৰীতে আছে মাত্ৰ ১৩১ জন আৰক্ষী জোৱান। আচৰিত ধৰণে এজন ভিআইপিৰ বিপৰীতে নিয়োজিত হৈ আছে ৩জনকৈ বিশেষভাৱে প্ৰশিক্ষিত আৰক্ষী জোৱান।

ব্ৰিটিছ অহাৰ আগলৈকে অসমত কোনো নিৰ্দিষ্ট আৰক্ষী প্ৰশাসন নাছিল। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছতে ১৮৩৫ চনত ইংৰাজসকলে সমগ্ৰ অসমত আইন শৃংখলা ৰক্ষাৰ্থে গঠন কৰিছিল এটি বাহিনী। তেতিয়া ইয়াৰ নাম আছিল দ্য আছাম ফ্ৰণ্টিয়াৰ পুলিচ৷ এই বিভাগটোৰ ৪ টা শাখা আছিল। লখিমপুৰ, কাছাৰ, গাৰো পাহাৰ আৰু নগা পাহাৰত ৪খন থানা গঠন কৰা হৈছিল আৰু শতিকাটোৰ শেষৰ ফালে ৯৪খন পুলিচ থানা গঠন কৰা হৈছিল।

১৯১৩ চনত এই বিভাগটোত এটা অপৰাধ নিৰাময় শাখা যোগ কৰা হৈছিল। ১৯৩৫ চনত দ্য আছাম ফ্ৰণ্টিয়াৰ পুলিচৰ মুখ্য কাৰ্যালয় শ্বিলঙত স্থাপন কৰা হয় আৰু আৰ আৰ কামিঙক প্ৰথম সঞ্চালক ৰূপে নিযুক্তি দিয়া হয়। দেশে স্বাধনীতা লাভ কৰাৰ পিছত দ্য আছাম ফ্ৰণ্টিয়াৰ পুলিচ ভাৰত চৰকাৰৰ অধীনলৈ আহে আৰু ইয়াৰ নাম অসম আৰক্ষীলৈ সলনি কৰা হয়।

স্বাধীনতাৰ সময়ত অসম আৰক্ষীত ৮০০০ জন জোৱান আৰু ৩৩৫০ জন বিষয়া আছিল। বৰ্তমান অসম আৰক্ষীত আছে প্ৰায় ৬১,৩১০ জন জোৱান। জনহিত আৰু জনসেৱাৰ্থে আৰম্ভণিৰে পৰা সেৱা অব্যাহত ৰখা অসম আৰক্ষীয়ে কৰিব নালাগে কি? চোৰ-ডকাইতৰ পিছ লোৱাৰ পৰা আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণলৈকে, স্বামী-স্ত্ৰীৰ কাজিয়াৰ পৰা আৰম্ভ কৰি দুৰ্নীতি-কেলেংকাৰীৰ তদন্ত কৰালৈকে ক'ত যে দায়িত্ব।

পিছে ইমান দায়িত্ব এমুঠিমান আৰক্ষীয়ে কিদৰেনো চম্ভালিব? এক পৰিসংখ্যা অনুযায়ী ভাৰতত প্ৰতি ১লাখজন লোকৰ বিপৰীতে আছে মাত্ৰ ১৩১ জন আৰক্ষী জোৱান। আনহাতে, এজন ভিআইপিৰ বিপৰীতে নিয়োজিত হৈ আছে ৩জনকৈ বিশেষভাৱে প্ৰশিক্ষিত আৰক্ষী জোৱান। এই পৰিসংখ্যাৰ পৰা সহজেই অনুমেয় যে অসম আৰক্ষীৰ জোৱানসকলে কিমান কষ্টৰে সৰ্বসাধাৰণৰ সুৰক্ষাৰ লগতে আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়।

সৰ্বসাধাৰণৰ বিপৰীতে ইমান কমসংখ্যাক আৰক্ষী থকাৰ পৰিণতিতে আৰক্ষী আৰু জনতাৰ মাজৰ যি সম্পৰ্ক সেই সম্পৰ্ক বহু পৰিমাণে বাধাপ্ৰাপ্ত হৈ আহিছে বুলিব পাৰি। আৰক্ষীৰ জোৱানসকলৰ ওপৰত কামৰ ইমান হেঁচা থাকে যে তেওঁলোকৰ মন-মেজাজ সাধাৰণ লোকতকৈ সম্পূৰ্ণৰূপে পৃথক হৈ পৰে। আনহাতে দা-দৰমহাৰ ক্ষেত্ৰতো অসম আৰক্ষীক চৰকাৰে অৱহেলাৰ দৃষ্টিৰে চাই আহিছে।

এনে পৰিপ্ৰেক্ষিততে ২০১৭ চনৰ মাৰ্চ মাহত অসম আৰক্ষী সংস্থাই সপ্তম দৰমহা আয়োগত আৰক্ষীক বঞ্চনাৰ অভিযোগ তুলি আয়োজন কৰিছিল এখন সংবাদ মেলৰ। সংবাদ মেলত সংস্থাৰ শীৰ্ষ বিষয়ববীয়াসকলে দিন-ৰাতি একাকাৰ কৰি বছৰৰ ৩৬৫ টা দিনেই কৰ্তব্যত ব্যস্ত থকা অসম আৰক্ষীক ৰাজ্য চৰকাৰে বছৰৰ পিছত বছৰ ধৰি বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছিল। ইমানেই নহয়, অসম আৰক্ষীৰ ছাউনীসমূহত জোৱানসকল থকাৰ বাবে যি ব্যৱস্থা আছে সেয়াও তথৈবচ। ৰাজ্যৰ অধিকাংশ থানাতে নাই আৰক্ষীৰ জোৱান থকাৰ সু-ব্যৱস্থা। ভিতৰুৱা অঞ্চল বাদেই গুৱাহাটী মহানগৰীক কেবাখনো আৰক্ষী জিলা হিচাপে ভাগ কৰি আয়ুক্তৰ ব্যৱস্থা কৰাৰ পিছতো জোৱানসকলে বাৰিষাৰ দিনকেইটাত এজাক বৰষুণ দিলেই পানীৰ ওপৰতে শুবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়।

হাজাৰ-বিজাৰ সমস্যাৰ মাজতো আৰক্ষী জোৱানসকল দুৰ্গম অঞ্চলত মাহৰ পিছত মাহ ধৰি ছুটী নোপোৱাকৈ কেৱল দায়িত্ব আৰু দায়িত্ব পালন কৰিবলৈ বাধ্য। তেওঁলোকৰ দুখ বুজোতা কোনো নাই। যেতিয়াই বিহু, পূজা আদি উৎসৱ হয় তেতিয়া ঘৰলৈ যোৱাতো বাদেই দায়িত্বৰ পৰিমাণ পূৰ্বতকৈও দুগুণ বৃদ্ধিহে পায়। ইয়াৰ মাজতে কোনো চতুৰ আৰক্ষীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি নামে ধন ঘটাৰ প্ৰতিযোগিতাত। এই ধন ঘটাৰ প্ৰতিযোগিতা বিভাগটোত ওপৰমহলাৰ পৰা চলি আহিছে বুলিও অভিযোগ উত্থাপিত হৈ আহিছে।

স্বাধীনতা দিৱস, গণৰাজ্য দিৱস আহিলেই দায়িত্ব আৰু কৰ্তব্যবোধৰ মাজতো আৰক্ষীৰ মুখত বিৰিঙি উঠে হাঁহি। কিয়নো এই দিনকেইটাতে চৰকাৰৰ বৰমূৰীয়াসকলে জনতাৰ লগতে আৰক্ষীসকলকো আশ্বাস প্ৰদান কৰে। প্ৰদান কৰে বিভিন্ন পদক, মেডেল। ঘোষণা কৰে যে অসম আৰক্ষীক আধুনিকীৰণ কৰা হ'ব। ভাস্কৰ কলিতাৰ দৰে বুলেটপ্ৰুফ জেকেট পিন্ধি থকাৰ পিছতো কোনো আৰক্ষীয়ে আৰু হেৰুৱাব নালাগিব প্ৰাণ। প্ৰদান কৰা হ'ব ইজৰাইলৰ আৰক্ষীক প্ৰদান কৰাৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰ।

ঘোষণা পিছে ঘোষণা হৈয়ে ৰয়। ইজৰাইলী অত্যাধুনিক অস্ত্ৰ বাদেই সাধাৰণ বন্দুকৰ অভাৱত জুৱাৰীৰ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হয় নিধিৰাম চৰ্দাৰ সদৃশ অসম আৰক্ষীয়ে। হঠাৎ কেতিয়াবা প্ৰতিবাদৰ জোৱাৰ উঠে। চৰকাৰৰ বৰমূৰীয়াৰ নিৰ্দেশ আহে প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰা। সেই প্ৰতিবাদকাৰীৰ মাজত আপোনজন থাকিলেও গুলী চলাবলৈ বাধ্য হৈ পৰে আৰক্ষী জোৱানসকল। শেষত গুলীত যেতিয়া প্ৰতিবাদকাৰী নিহত হয় তেতিয়া মানৱ অধিকাৰৰ প্ৰশ্নৰে থকা-সৰকা হৈ প্ৰথমেই চাকৰিৰ পৰা নিলম্বিত হ'বলগীয়া হয় সাধাৰণ কনিষ্টবলকেইজন।

এয়াই হৈছে অসম আৰক্ষীৰ বৰ্তমাৰ অৱস্থা। এই অৱস্থাৰ পৰা মুক্ত হৈ কেতিয়া প্ৰকৃতাৰ্থত অসম আৰক্ষীৰ অাধুনিকীকৰণ সম্ভৱ হৈ উঠে সেয়া সময়েহে ক'ব পাৰিব। ইমানৰ পিছতো আৰক্ষী দিৱসৰ প্ৰাকক্ষণত আমি আশা কৰিছো যে অসম আৰক্ষীয়ে শীঘ্ৰে আধুনিক ৰূপ লাভ কৰক। পশ্চিমীয়া দেশসমূহৰ দৰে অসমতো আৰক্ষী আৰু জনতাৰ মাজত সু-সম্পৰ্ক গঢ়ি উঠক। ব্ৰিটিছৰ দিনত ৰঙা পুলিচ বুলিলেই যিদৰে সাধাৰণ লোকসকল ভয়ত কঁপি উঠিছিল সেই অৱস্থাৰ অৱসান ঘটক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in