লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে চৰকাৰে সামাজিক ব্যৱধান ৰক্ষা কৰিবলৈ দেশবাসীক আহ্বান জনাইছে। সমগ্ৰ দেশতে ২১দিনীয়া লকডাউন ঘোষণা কৰিছিল প্রধানমন্ত্ৰী মোডীয়ে। সেই লকডাউনৰ ফলত ঘৰৰ ভিতৰতে নিজকে আৱদ্ধ কৰি ৰাখিছে বহু নাগৰিকে।

আৰক্ষী আৰু প্ৰশাসনে কঠোৰ নিৰ্দেশ দিছে যে- এই সময়চোৱাত বিনা কাৰণত ঘৰৰ বাহিৰলৈ নোলাব। কিন্তু ২১টাকৈ দিন ঘৰৰ ভিতৰত নিজকে আৱদ্ধ কৰি ৰাখিলে আৰু সামাজিক ব্যৱধান ৰক্ষা কৰাৰ ফলত কোনো কোনো লোক মানসিক অস্থিৰতা, অৱসাদত ভোগাৰ পূৰ্ণ সম্ভাৱনা আছে।

এই বিষয়টো ইতিমধ্যে চৰ্চালৈ আহিছে। মনোৰোগ বিশেষজ্ঞসকলেও ঘৰৰ ভিতৰতে নিজকে আৱদ্ধ কৰি থোৱাৰ ফলত বহু নাগৰিক,ছাত্ৰ-ছাত্ৰী তথা কৰ্মব্যস্ততা মানুহে মানসীকভাৱে ভাগি পৰাৰ সম্ভাৱনা নথকা নহয়। এনে মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষীে।

প্ৰয়োজনত অসম আৰক্ষীয়ে এই লোকসকলক ফোনযোগে মনোৰোগ বিশেষজ্ঞ তথা চিকিৎসকৰ জৰিয়তে তেনে সমস্যা সমাধানৰ অৰ্থে যোগাযোগ কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মনোৰোগ বিশেষজ্ঞ আৰু চিকিৎসকৰ পৰা তেনে সমাধান ল'ব পাৰিব। এই সময়চোৱাত মানসিক অৱসাদত ভোগা লোকসকলে ইয়াৰ বাবে অসম আৰক্ষীয়ে কেইবাটাও নম্বৰ মুকলি কৰিছে।

পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈকে এই নম্বৰ কেইটাত মানসিক ৰোগ বিশেষজ্ঞৰ সৈতে কথা পাতিব পৰা যাব। এই নম্বৰ কেইটা হ'ল ক্ৰমে- ৬২৬৯০১০৫৩, ৬২৬৯০১০৫৪, ৬২৬৯০১০৫৫, ৬২৬৯০১০৫৬, ৬২৬৯০১০৫৭, ৬২৬৯০১০৫৮।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in