শেহতীয়া খবৰ
বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…

কেৱল লাঠিচালনাতে ব্যস্ত নহয়! কৰ্তব্যৰ মাজতে দৰিদ্ৰ লোকক খাদ্যও বিতৰণ কৰিলে অসম আৰক্ষীয়ে, চাওঁক VIDEO

429

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা লকডাউনৰ সময়ত জৰুৰী সেৱাৰে জড়িত প্ৰতিগৰাকী লোকে অশেষ কষ্টসাধ্য কৰিব লগা হৈছে। তাৰ মাজতে কিছু লোকে লকডাউন তথা চৰকাৰ প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি আৰক্ষীৰ ৰোষৰ বলি হ’ব লগা হৈছে। পিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়তে নিজ কৰ্তব্যৰ মাজতে একাংশ আৰক্ষী লোকে দৰিদ্ৰ লোকৰ সহায়ৰ বাবে গ্ৰহণ কৰা পদক্ষেপে সকলো লোকৰে দৃষ্টি হৰণ কৰিছে।

কোৰোনা ভাইৰাছৰ সজাগতাৰ লগতে আইন-কানুনৰে জড়িত একাংশ আৰক্ষীৰ লোকে গুৱাহাটীত বিতৰণ কৰিলে খিচিৰি। দৰিদ্ৰ তথা পদপথত থকা লোকসকলক খিচিৰি বিতৰণ কৰিলে আৰক্ষীৰ লোকসকলে। নিজে অত্যাৱশ্যকীয় সেৱাৰে সৈতে জড়িত হৈ এনেদৰে আনৰ বাবে খাদ্যৰ যোগান ধৰা আৰক্ষীৰ লোকসকলৰ এই কামৰ প্ৰশংসা কৰিছে বিভিন্নজনে। গুৱাহাটী সদাব্যস্ত পানবজাৰৰ কটন বিশ্ববিদ্যালয়ৰ সমীপত একাংশ দৰিদ্ৰ লোকক আৰক্ষীয়ে খিচিৰি বিতৰণ কৰে। এই ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চাওঁক সেই ভিডিঅ’,

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি