দুৰ্গা পূজাৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ বাবে আৰক্ষীৰ ৰণকৌশল প্ৰস্তুত

দুৰ্গা পূজাৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ বাবে আৰক্ষীৰ ৰণকৌশল প্ৰস্তুত
  • শনিবাৰৰ বিস্ফোৰণৰ ঘটনাৰ পাছতে ক্ৰমাৎ তৎপৰ হৈছে অসম আৰক্ষী।
  • আইন-শৃংখলাজনিত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ বাবে ৰণকৌশল প্ৰস্তুত অসম আৰক্ষীৰ।
  • শনিবাৰে শুক্ৰেশ্বৰ ঘাটত সংঘটিত বিস্ফোৰণত ব্যৱহাৰ কৰা বিস্ফোৰক সন্দৰ্ভতো নিশ্চিত হ'ব পৰা নাই আৰক্ষী।
  • ঘটনাৰ তদন্ত চলাই আছে আৰক্ষীয়ে।
  • সংবাদ মাধ্যমত এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ।
  • ইফালে, বেংক বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ডৰ তদন্তৰ কথাও ক'লে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।
  • জুনু শৰ্মাৰ হত্যাৰে জড়িতৰ অভিযোগত ৩জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
  • অৱশ্যে হত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও ঋণ কেলেংকাৰীৰ বাবেই এই হত্যাৰ সন্দেহ আৰক্ষীৰ।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকিৰে দিল্লী আৰক্ষীলৈ যোৱা ই-মেইল সন্দৰ্ভতো তদন্তৰ কথা ক'লে তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in