১০ নেতা-কৰ্মীক মাতি নি আৰক্ষীৰ অপৰাধ শাখাই কি সুধিলে বুধবাৰে…

১০ নেতা-কৰ্মীক মাতি নি আৰক্ষীৰ অপৰাধ শাখাই কি সুধিলে বুধবাৰে…

ডিজিটেল ডেস্কঃ কা বিৰোধী আন্দোলনত শাম কটাৰ পাছত শেহতীয়াকৈ এই আন্দোলনৰ সৈতে জড়িত থকাৰ সন্দেহত কৃষক মুক্তিকে ধৰি বিভিন্ন দল-সংগঠনৰ এচাম নেতাক সোধ পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে। বুধবাৰে কা বিৰোধীতা কৰা দল-সংগঠনৰ ১০ গৰাকী নেতা-কৰ্মীক সোধপোচৰ বাবে তলব কৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই।

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই নিজাববীয়াকৈ ৰুজু কৰা Crime Branch PS Case No 01/2019, U/S 120(B)/122/123/143/147/148/149/150/152/153/326/333/353IPCত গোচৰত বুধবাৰে পৃথক পৃথককৈ জেৰা চলোৱা হয় ১০ গৰাকী নেতাক।

আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱা নেতা-কৰ্মী কেইজন হৈছে, অনুসূচিত জাতি যুৱ পৰিষদৰ সভাপতি ৰুবুল দাস, স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক'ডি শইকীয়া, কৃষক মুক্তিৰ উপদেষ্টা সুব্ৰত চক্ৰৱৰ্তী, ছাত্ৰ মুক্তিৰ মহানগৰ সমিতিৰ সভাপতি আশ্বিক আলি, পুথি প্ৰকাশক সংস্থাৰ ৰক্তিম ঠাকুৰীয়া, আই আই টি গুৱাহাটীৰ গবেষক ছাত্ৰ হিমালয় বৰাসহ কৃষক মুক্তিৰ মহানগৰ সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া। পানবজাৰস্থিত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত সহকাৰী আৰক্ষী আয়ুক্ত পুতুল বৈশ্যৰ নেতৃত্বত কেইবাগৰাকী আৰক্ষী বিষয়াই একেলগে জেৰা চলায় নেতাকেইগৰাকীক।

জেৰাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত অনুসূচিত জাতি যুৱ পৰিষদৰ সভাপতি ৰুবুল দাসে কয় যে কা বিৰোধী আন্দোলন তীব্ৰতৰ হৈ থকাৰ সময়ৰ বিভিন্ন ঘটনাৰ সন্দৰ্ভত তেওক সোধ পোচ কৰা হয়। অসম লোকসেৱা আয়োগৰ বিৰুদ্ধে আন্দোলন কৰি গ্ৰেপ্তাৰ হোৱা অখিল গগৈ আৰু কমল মেধিৰ লগত জেইলত থকা সময়ছোৱাৰ সময়ৰ কি কথা হৈছিল সেই সন্দৰ্ভতো সোধা হয় বুলি নেতাজনে ব্যক্ত কৰে। আন্দোলনৰ পুঁজি আৰু আন্দোলনৰ সৈতে মাওবাদী বা সশস্ত্ৰ সংগঠনৰ কোনো নেতা জড়িত হৈ আছে নেকি সেই সম্পৰ্কেও সোধা হয় অনুসূচিত জাতি যুৱ পৰিষদৰ সভাপতিগৰাকীক।

ইফালে স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈয়ে আৰক্ষীয়ে কৰা সোধ পোচৰ সন্দৰ্ভত কয় যে, কৃষক নেতা অখিল গগৈৰ সৈতে কিমান দিনৰ চিনাকি বা সম্পৰ্ক আছে সেই কথা আৰক্ষীৰ ফালৰ পৰা সোধা হৈছে। সন্দিকৈয়ে লগতে কয়, আমি জনাই দিছো যে অখিল গগৈৰ সৈতে কটন কলেজত পঢ়াৰে পৰা সম্পৰ্ক আছিল। সেই কাৰণতে তেওঁলোকৰ লগত ফোনত কথা-বতৰা হয় বুলি তেওঁলোকক জনাইছো।'

উল্লেখ্য যে, এই গোচৰত ৪০ জনতকৈ অধিক কা বিৰোধী নেতাক তলব কৰিব আৰক্ষীৰ অপৰাধ শাখাই। বুধবাৰে সোধ পোচ কৰা আটাইকেইজন জাতীয় সংগঠনৰ নেতাই আৰক্ষীক পূৰ্ণ সহযোগ কৰা বুলি সংবাদমাধ্যমৰ সন্মুখত ব্যক্ত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in