অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত চাকৰি প্ৰাৰ্থীৰ প্ৰতিবাদঃ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ….

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত চাকৰি প্ৰাৰ্থীৰ প্ৰতিবাদঃ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ….
  • অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ।
  • অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াত সৃষ্টি হোৱা বিসংগতিৰ বিৰুদ্ধে এই প্ৰতিবাদ।
  • কনিষ্টবলৰ পৰীক্ষাৰ কাট অফ মাৰ্কৰ ক্ষেত্ৰত সৃষ্টি হৈছে বিসংগতি।
  • ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা চাকৰি প্ৰাৰ্থীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ।
  • পূৰ্বে প্ৰকাশিত বিজ্ঞাপনত এটা পদৰ বিপৰীতে ৫ গৰাকীক পৰীক্ষাৰ সুযোগ দিয়াৰ কথা উল্লেখ কৰিছিল।
  • কিন্তু পৰীক্ষাৰ পূৰ্বে এটা পদৰ বিপৰীতে ২ গৰাকী প্ৰাৰ্থীকহে পৰীক্ষাৰ সুযোগ দিয়া হৈছে।
  • আনহাতে একেগৰাকী প্ৰাৰ্থীকে একাধিক পদৰ বাবেও পৰীক্ষা দিয়াৰ সুযোগ দিছে বুলিও অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী চাকৰি প্ৰাৰ্থীসকলে।
  • প্ৰতিবাদকাৰীসকলৰ অভিযোগ এজন প্ৰাৰ্থীকেই AB/UB ৰ উপৰিও ফায়াৰমেন আদি অনেক পদৰ বাবে পৰীক্ষা দিয়াৰ সুযোগ দিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in