ছয়গাঁৱৰ হাতীপাৰাত PMAY হিতাধিকাৰীৰ তীব্ৰ প্ৰতিবাদ…

ছয়গাঁৱৰ হাতীপাৰাত PMAY হিতাধিকাৰীৰ তীব্ৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ ছমৰীয়া: ছয়গাঁৱৰ হাতীপাৰাত PMAY গৃহ নিৰ্মাণ কৰা হিতাধিকাৰীৰ তীব্ৰ প্ৰতিবাদ। ছয়গাঁৱৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ হাতীপাৰাত এই প্ৰতিবাদ সাব্যস্ত কৰে জবকাৰ্ড হিতাধিকাৰীয়ে। উল্লেখ্য যে, গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ হাতীপাৰা গাওঁপঞ্চায়তৰ বিভিন্ন ৱাৰ্ড এলেকাৰ প্ৰায় দুই শতাধিক পুৰুষ-মহিলা হিতাধিকাৰীয়ে নিজৰ প্ৰাপ্য বিছাৰি হাতীপাৰা গাওঁপঞ্চায়তৰ কাৰ্যালয়ৰ সমীপতে এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে।

প্ৰাপ্ত তথ্য মতে হিতাধিকাৰী সকলে উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ দীৰ্ঘদিন তাতবাটি কাঢ়িও কোনো সুফল লাভ নকৰাৰ এক অভিযোগ উত্থাপিত হৈছে। প্ৰায় দুটা বছৰ ধৰি প্ৰাপ্য ধন লাভ নকৰাৰ ক্ষোভত বঞ্চিত জবকাৰ্ড হিতাধিকাৰীসকলে আজি বিভিন্ন শ্লোগানেৰে এক প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তাল কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in