BVFCL চিকিৎসালয়ত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধী কেন্দ্ৰৰ শুভ উদ্বোধন…

BVFCL চিকিৎসালয়ত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধী কেন্দ্ৰৰ শুভ উদ্বোধন…

ডিজিটেল সংবাদ নামৰূপঃ দেশৰ ৭৫  সংখ্যক আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি বি ভি এফ চি এল চিকিৎসালয়ত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে উদ্যোগ টোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মহান্তিয়ে ।  বি ভি এফ চি এল চিকিৎসালয় প্ৰাংগণত  আজি বিয়লি এই উপলক্ষে আয়োজিত অনুষ্ঠানটিৰ আঁত ধৰি আদৰণি ভাষণ প্ৰদান কৰে চিকিৎসালয়খনৰ মুখ্য চিকিৎসক ড০ অজয় বৰুৱাই। 

ভাৰত চৰকাৰৰ উদ্যোগত স্থাপন কৰা বি ভি এফ চি এল প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধী  কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে শুভ  উদ্বোধন কৰি  চি এম দি ড০ মহান্তিয়ে কয় যে, জনসাধাৰণক সুলভ মূল্যত গুণগত মানৰ ঔষধ যোগান ধৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ ফাৰ্মাচিউটিকেল বিভাগে আৰম্ভ কৰা এক অভিযান  হ'ল প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষাধি পৰিযোজনা।

বক্তব্যত অধ্যক্ষ গৰাকীয়ে কয় যে, ইয়াক জেনেৰিক ঔষধ প্ৰদান কৰিবলৈ প্ৰতিষ্ঠা কৰা হৈছে, যিবোৰ কম মূল্যত উপলব্ধ কিন্তু গুণগত মান আৰু কাৰ্যকাৰিতা ব্যয়বহুল ব্ৰেণ্ডেড ঔষধৰ সমতুল্য।  সাধাৰণতে ফাৰ্মাচী সমূহত উপলব্ধ ঔষধৰ মূল্যত কৈ ৬০/৭০ শতাংশ কম মূল্যত ইয়াত  ঔষধ উপলব্ধ হ'ব।

অধ্যক্ষ গৰাকীয়ে জন ঔষধি কেন্দ্ৰ উদ্ধোধন কৰি কয়, আজিৰ দিনটো  কেৱল বি ভি এফ চি এল বাসীৰ বাবেই নহয় সমগ্ৰ নামৰূপ বাসীৰ বাবেই এক ঐতিহাসিক দিন।  বিশেষকৈ  এই কেন্দ্ৰৰ পৰা দুখীয়া জনসাধাৰণৰ অধিক উপকৃত হ'ব বুলি মন্তব্য কৰে । অনুষ্ঠানত  শলাগৰ শৰাই আগবঢ়াই  ডাঃ নিভা দলেই।  অনুষ্ঠানত  বি ভি এফ চি এল চিকিৎসালয়ৰ চিকিৎসক ,চিকিৎসা কৰ্মী  বি ভি এফ চি এলৰ  উৎপাদন সঞ্চালক দিগম্বৰ সাহাই, বিপনন মহা প্ৰবন্ধক ওয়াই কে গোৱেল, কোম্পানী সচিব আৰ কে গুপ্তা আদি বিষয়ববীয়া উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in