কবি সকল যদি আখৰ বা শব্দৰ কবি, ফটো সাংবাদিকসকল কেমেৰাৰ কবিঃ ফটো সাংবাদিক সন্থাৰ বিশ্ব আলোকচিত্ৰ দিৱসত ড০ অমৰজ্যোতি চৌধুৰী

কবি সকল যদি আখৰ বা শব্দৰ কবি, ফটো সাংবাদিকসকল কেমেৰাৰ কবিঃ ফটো সাংবাদিক সন্থাৰ বিশ্ব আলোকচিত্ৰ দিৱসত ড০ অমৰজ্যোতি চৌধুৰী

ডিজিটেল সংবাদ, গুৱাহাটীঃ 'কবি সকল যদি আখৰ বা শব্দৰ কবি, তেন্তে ফটো সাংবাদিকসকল কেমেৰাৰ কবি। দৈনন্দিন সংঘটিত যি ঘটনাই আমাৰ মনত দোলা দি যায় সেই ঘটনা তেওঁলোকে ধৰি ৰাখে।' সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম ফটো সাংবাদিক সন্থাৰ দ্বাৰা আয়োজিত বিশ্ব আলোকচিত্ৰ দিৱসৰ অনুষ্ঠানত এই মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ অমৰজ্যোতি চৌধুৰীয়ে। বিশিষ্ট শিক্ষাবিদগৰাকীয়ে লগতে গুৱাহাটী প্ৰেছ ক্লাৱ উন্নিতকৰণৰ বাবেও প্ৰস্তাৱ দিয়ে অনুষ্ঠানটোত। তেখেতে এইক্ষেত্ৰত সোমবাৰৰ অনুষ্ঠানটোত উপস্থিত থকা কামৰূপ (মেঃ) জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

সোমবাৰৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত লগতে উপস্থিত থাকে বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহ, বিশিষ্ট চলচিত্ৰ নিৰ্মাতা অৰূপ মান্না, দৈনিক জনমভূমি কাকতৰ সম্পাদক উৎপল বৰুৱা, অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, অচ্যুত পাটোৱাৰী, সঞ্জীৱ ফুকন, ফটো সাংবাদিক সন্থাৰ সভাপতি চিন্ময় ৰয়, সম্পাদক ৰেব কুমাৰ বৰাৰ লগতে আন কেবাগৰাকী বিশিষ্ট লোক। উল্লেখ্য যে, এই অনুষ্ঠানত ৫৪ খন ভিন্ন আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয়।

কামৰূপ মহানগৰৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে আলোকচিত্ৰ প্ৰদৰ্শনিৰ শুভাৰম্ভ কৰি ফটো সাংবাদিকসকলৰ কাম কাজৰ প্ৰশংসা কৰে। তেখেতে কয়, ফটো সাংবাদিকসকলে যথেষ্ট কষ্ট কৰি বিভিন্ন দৃশ্যসমূহ ধৰি ৰাখে। লগতে তেখেতে প্ৰেছ ক্লাৱ উন্নীতকৰণৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়াব বুলিও মন্তব্য কৰে।

উল্লেখ্য যে, বিশ্ব আলোকচিত্ৰ দিৱসৰ অনুষ্ঠানটোত এখন ফুলাম গামোচা, এটা জাপি, এখন প্ৰশংসা পত্ৰৰ লগত আন বিভিন্ন সামগ্ৰীৰে বিশিষ্ট চলচিত্ৰ নিৰ্মাতা অৰুপ মান্নাক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি তেওঁ দিয়া ভাষণত নিজৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে ফটো সাংবাদিকসকলে বিভিন্ন সময়ত সন্মুখীন হোৱা অসুবিধাৰ কথাও ব্যক্ত কৰে। উল্লেখ্য যে, ষষ্ঠমান শ্ৰেণীৰ পৰা তেওঁ ফটো সাংবাদিকতাৰ সৈতে জড়িত হোৱা বুলি মন্তব্য কৰে।

তেখেতে লগতে কয় যে, কোনো এজন ফটো সাংবাদিকে আৱেগিক নহয়। ফটোৰ সৈতে জড়িত প্ৰতিজন লোক যুক্তিৰ ওপৰত নিৰ্ভৰশীল। পূৰ্বে ফটো সাংবাদিকসকলে নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি লগতে কয়, ফটোগ্ৰাফাৰ বা ফটো সাংবাদিকসকলক কাহানিও শিল্পী বুলি কোনো লোকে গণ্য কৰিব নোখোজে। কেমেৰাৰ গুৰুত্বৰ কথা কবলৈ গৈ তেখেতে লগতে কয়, কেমেৰা এটা ডিঙিত লৈ থকা মানে এটা এ কে ৪৭ লৈ থকাৰ দৰে লাগে।

অনুষ্ঠানটোত উপস্থিত থাকি ভাস্কৰ্য শিল্পী বীৰেণ সিংহই কয়, ফটোৰ বিকাশৰ ধাৰাই ফটোগ্ৰাফীৰ ইতিহাস ধৰি ৰাখিছে। পৃথিৱীত বিভিন্ন সময়ত অহা পৰিৱৰ্তন, বিৱৰ্তন তথা আশা-আকাংক্ষা সকলো ধৰি ৰাখিব পাৰে এখন ফটোৱে। এখন ফটো বুজিবলৈ কোনো লোককে বিশেষ জ্ঞানৰ প্ৰয়োজন নহয়, প্ৰয়োজন নহয় ডিগ্ৰীৰো। তাৰ পৰিৱৰ্তে ফটোৱে মানুহক সত্যৰ সৈতে মুখামুখী হ'বলৈ শিকাই। প্ৰতিটো বিষয় সাধাৰণ ভাষাত কোনো লোকক বুজাবলৈ হ'লে সদায়ে ফটোৱে আমাক সহায় কৰে।

মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি কয়, ফটো সাংবাদিকৰ স্বীকৃতিৰ ব্যৱস্থা বৰ্তমানলৈকে হোৱা নাই। এইটো মন কৰিবলগীয়া কথা। অৱশ্যে বৰ্তমান সময়ত পূৰ্বৰ তুলনাত ফটো সাংবাদিকসকলে বহু পৰিমাণে গুৰুত্ব লাভ কৰিছে। ফটোগ্ৰাফীৰ সৈতে জড়িত হোৱাৰ লগতে এইক্ষেত্ৰত মনোনিৱেশ কৰিলে আগবাঢ়ি যোৱাৰ বাবে বহুতো থল আছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

'Objects in the mirror are closer than they appear…'

উল্লেখ্য যে, সোমবাৰৰ অনুষ্ঠানটোত প্ৰদৰ্শন কৰা আলোকচিত্ৰসমূহ ফটো সাংবাদিক সন্থাৰ বিভিন্ন সাংবাদিকসকলে নিজৰ কেমেৰাত আবদ্ধ কৰা। এইসমূহ আলোকচিত্ৰই ৰাজ্যৰ লগতে দাতিকাষৰীয়া বিভিন্ন ৰাজ্য তথা দেশত সংঘটিত হোৱা না না ঘটনাৰ সম্পৰ্কে বৰ্ণনা দিয়ে।

উপস্থিত লোকসকল…

বিশেষকৈ এনে কিছু আলোকচিত্ৰ প্ৰদৰ্শন কৰা হৈছে যিসমূহ আলোকচিত্ৰই ৰাজ্যৰ বিভিন্ন সংগঠনে নিজ প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰাৰ পৰা গজৰাজে মহানগৰীত বিচৰণ কৰা ইত্যাদিসমূহ দেখুওৱা হৈছে।

ফটো চাবলৈ অহা লোকসকল…

সোমবাৰৰ প্ৰদৰ্শনীখন চাবৰ বাবে বিয়লিৰ ভাগলৈ বিভিন্ন লোকৰ সোঁত বোৱা দেখিবলৈ পোৱা যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in