অসমৰ লোকসভা নিৰ্বাচনৰ সবিশেষ খবৰ, চাওক A 2 Z

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • লোকসভা নিৰ্বাচনক লৈ অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ ঘোষণা।
  • তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যিক নিৰ্বাচন আয়োগৰ।
  • নিৰ্বাচন নিকা কৰিবলৈ নিৰ্বাচন আয়োগে লৈছে বিশেষ ব্যৱস্থা।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনঃ

  • ১১ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন।
  • ৫ টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগা সমষ্টিকেইটা হৈছে তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লক্ষিমপুৰ।
  • নিৰ্বাচনক লৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
  • ১৮মাৰ্চৰ পৰা মনোনয়ন দাখিলৰ আৰম্ভ।
  • মনোনয়ন দাখিলৰ অন্তিম দিনঃ ২৫মাৰ্চ।
  • মনোনয়ন পৰীক্ষণৰ দিনঃ ২৬মাৰ্চ।
  • মনোনয়ন প্ৰত্যাহাৰৰ দিনঃ ২৮ মাৰ্চ।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনঃ

  • দ্বিতীয় পৰ্যায়ত ১৮ এপ্ৰিলত ৫টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগা সমষ্টি কেইটা হৈছে কৰিমগঞ্জ, শিলচৰ, স্বায়ত্ব শাসিত জিলা(ডিফু), মঙলদৈ আৰু নগাঁও।
  • দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ দিনঃ ১৯মাৰ্চ।
  • মনোনয়ন দাখিলৰ অন্তিম দিনঃ ২৬ মাৰ্চ।
  • মনোনয়ন পৰীক্ষাৰ দিনঃ ২৭ মাৰ্চ।
  • মনোনয়ন প্ৰত্যাহাৰৰ দিনঃ ২৯ মাৰ্চ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ

  • ২৩ এপ্ৰিলত ৪ সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
  • ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগা সমষ্টি কেইটা হৈছে- ধুবুৰী, কোকৰাঝাৰ, বৰেপটা আৰু গুৱাহাটী।
  • তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ দিনঃ ২৮মাৰ্চ।
  • মনোনয়ন দাখিলৰ অন্তিম দিনঃ ৪এপ্ৰিল।
  • মনোনয়ন পৰীক্ষাৰ দিনঃ ৫এপ্ৰিল।
  • মনোনয়ন প্ৰত্যাহাৰৰ দিনঃ ৮এপ্ৰিল।

অন্যান্য তথ্যঃ

  • অসমত প্ৰথম পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যাঃ ৭৫,১৬,২৮৪ জন।
  • মুঠ ভোটকেন্দ্ৰৰ সংখ্যাঃ ৯,৫৭৪ টা।
  • দ্বিতীয় পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যাঃ ৬,৮৩,৬,৪৯৬ জন।
  • মুঠ ভোটকেন্দ্ৰৰ সংখ্যাঃ ৮,৯৯২ টা।
  • তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটাৰৰ সংখ্যাঃ ৭,৪০,৭৮২৪ জন।
  • মুঠ ভোটকেন্দ্ৰৰ সংখ্যাঃ ৯,৫৭৭ টা।
  • ইফালে স্পৰ্শকাতৰ ভোটকেন্দ্ৰৰ সংখ্যাঃ ১,৯১৩ টা।
  • অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰৰ সংখ্যাঃ ৩,৬৬৩ টা।
  • স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহ ৱেব কাষ্টিংৰ দ্বাৰা পৰ্যবেক্ষণ কৰিব নিৰ্বাচন আয়োগে।
  • ভোটগ্ৰহণৰ সময়ত মুখ্য কাৰ্যালয় বা জিলা নিৰ্বাচনী কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ চাই থাকিব পাৰিব ভোটগ্ৰহণ।
  • মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে জনালে এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in