শেহতীয়া খবৰ
এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত...

কোৰোনা প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ যুঁজ দিব লাগিব, ক্ৰীড়া সংগঠক-বিশিষ্ট ক্ৰীড়াবিদৰে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ বাৰ্তালাপ

790

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম অলিম্পিক সন্থাৰ সভাপতি তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে শুকুৰবাৰে সন্ধিয়া ৬.৩০ বজাৰ পৰা অসম অলিম্পিক সন্থাৰ সদস্য সদস্যা সকল, ৰাজ্যৰ বিশিষ্ট ক্ৰীড়াবিদ, ক্ৰীড়া বিষয়া, ৰাজ্যিক আৰু জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকলৰ সৈতে কোৰোনাৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সম্পৰ্কত কনফাৰেন্স কলযোগে বাৰ্তালাপ কৰে। কোঁৱৰে বাৰ্তালাপত সকলোৰে কুশল বাৰ্তা লোৱাৰ লগতে এই মহামাৰীৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধ হৈ যুঁজ দিয়াৰ পোষকতা কৰে।

তেখেতে কয়, কোৰোনা মহামাৰীৰ ক্ষেত্ৰত চৰকাৰে যিসমূহ প্ৰতিকাৰমূলক নিৰ্দেশনা জাৰি কৰিছে তাক আখৰে আখৰে পালন কৰিলেহে এই মহামাৰীক আমি প্ৰতিহত কৰিবলৈ সক্ষম হম। কোৰোনা বিজাণুক পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্বৰ জৰিয়তেহে পৰাভূত কৰা সম্ভৱ আৰু সমাজৰ সচেতন ব্যক্তি সকলে এই বিষয়ত সজাগতা সৃষ্টি কৰাত নেতৃত্ব বহন কৰিব লাগিব। এই মুহুৰ্তত কিছু সমাজবিৰোধী চক্ৰই সাম্প্ৰদায়িক আচৰণেৰে সমাজখনক অস্থিৰ কৰিব বিচাৰিছে, কিন্তু আমি মানৱ জাতিৰ এই মহা সংকটৰ সময়ত এনে আচৰণক কোনোপধ্যেই প্ৰশ্ৰয় দিব নালাগিব।

বাৰ্তালাপত অংশগ্ৰহণ কৰা সকলোৱে একেমুখে এই চৰম সংকটকালত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহক ভূয়সী প্ৰশংসা কৰে। সকলোৱে কয় যে, “বিশ্বত্ৰাস কোৰোনাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমাৰ ৰাষ্ট্ৰই যি সমূহ প্ৰতিকাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ফলত আমি পশ্চিমীয়া ৰাষ্ট্ৰসমূহতকৈ সুৰক্ষিত হৈ আছো। চৰকাৰে কৰা ঘোষণাবোৰ পালন কৰাত দেশৰ জনতাই যি সঁহাৰি প্ৰদান কৰিছে তাৰ ফলত এই দীঘলীয়া যুদ্ধখন আগবঢ়াই নিয়াত ৰাষ্ট্ৰই অধিক শক্তি লাভ কৰিছে। কোৰোনাৰ সংহাৰৰ ফলত বিশ্বৰ আগশাৰীৰ দেশবোৰৰ কৰুণ দৃশ্যই আমাক ব্যথিত কৰি তোলাৰ সময়তে অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ২৪ ঘণ্টাই অক্লান্ত পৰিশ্ৰমৰ জৰিয়তে অসমৰ স্বাস্থ্যবিভাগক সম্ভাব্য যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু কৰি তুলিছে। সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অন্যান্য সকলো বিভাগে এই দীঘলীয়া লকডাউনৰ সময়চোৱাত যাতে ৰাজ্যবাসীয়ে অত্যাৱশ্যকীয় সেৱা সমূহ অবিৰত ভাবে লাভ কৰি থাকে তাৰবাবে কঠোৰ পৰিশ্ৰম কৰি গৈছে। এই কঠিন সময়ত সকলো মানৱীয় সেৱা অব্যাহত ৰখাৰ বাবে দুয়োগৰাকী নেতাই গ্ৰহণ কৰা সময়োপযোগী পদক্ষেপ তথা ৰাজ্যবাসীৰ সঁহাৰিয়ে আমাক আশ্বস্ত কৰিছে। আমি নিশ্চিত এই দীঘলীয়া যুদ্ধত জয় আমাৰেই।”

এই বাৰ্তালাপত কোৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ অসম অলিম্পিক সন্থাৰ যোগেদি ৰাজ্যিক ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া সন্থা সমূহে ১০,০০০ টকাকৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ অনুদান আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। শুকুৰবাৰৰ বাৰ্তালাপত ক্ৰীড়া সংগঠক সকলৰ উপৰিও প্ৰবীণ ক্ৰীড়াবিদ গিলবাৰ্টচন চাংমা, দেৱাশিশ ৰয়, ক্ৰীড়া সঞ্চালক ধৰ্মকান্ত মিলি, সাই সঞ্চালক ডঃ সুভাষ বসুমতাৰী, বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন হিমা দাস, যমুনা বড়ো, অংকুশিতা বড়ো, লভলীনা বৰগোঁহাই, ৰ’দালি বৰুৱা, হৰ্ষা সিনহা, কৱিতা দেৱী, এলভিচ আলি হাজৰিকা, শিৱাংগী শৰ্মা আদিয়ে অংশগ্ৰহণ কৰে। শেষত সম্পাদক কোঁৱৰে জনায় যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতিশীঘ্ৰে সকলোৰে সৈতে কনফাৰেন্স কলযোগে বাৰ্তালাপ কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি