এন আৰ চি কামত নিয়োজিত চৰকাৰী বিষয়া সন্ধানহীন, চৰকাৰী আবাসত চুইচাইড নোট উদ্ধাৰ

এন আৰ চি কামত নিয়োজিত চৰকাৰী বিষয়া সন্ধানহীন, চৰকাৰী আবাসত চুইচাইড নোট উদ্ধাৰ

ডিজিটেল সংবাদ, শিৱসাগৰঃ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত খচৰা প্ৰকাশৰ অন্তিম সময়সীমা বান্ধি দিয়া সময়লৈ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰত এন আৰ চিৰ কামত নিয়োজিত এজন চৰকাৰী বিষয়া সন্ধানহীন হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন বিষয়াজন যোৰহাট জিলাৰ কাকজানৰ দিগন্ত শইকীয়া।

শইকীয়া জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাপে কৰ্মৰত আছিল। বুধবাৰে পুৱাৰে পৰা বিষয়াজন সন্ধানহীন হৈ আছে। যাৰ বাবে বিষয়াজনক বিচাৰি আৰক্ষীয়ে তেওঁৰ চৰকাৰী আবাসগৃহত তালাচী চলাওতে আবাসগৃহত এখন চুইচাইড নোট উদ্ধাৰ কৰে।

উক্ত চুইচাইড নোটত বিষয়াগৰাকী মানসিকভাৱে উদ্বিগ্ন হোৱাৰ কথা প্ৰকাশ পাইছে। এন আৰ চিৰ কামত নিয়োজিত কোনো উচ্চপদস্থ বিষয়াৰ পৰা পোৱা ভাবুকি আৰু তীব্ৰ হেঁচাত বিষয়াজনে নিজকে এই দায়িত্বৰ বাবে অযোগ্য বুলি চুইচাইড নোটত উল্লেখ কৰিছে। আনহাতে পত্ৰখনৰ শেষত বিষয়া জনে আত্মহত্যা কৰাৰ কথা উল্লেখ কৰিছে। প্ৰকৃততে বিষয়াজনে আত্মহত্যা কৰিলে নে শিৱসাগৰ এৰি আন কোনো স্থানত আশ্ৰয় লৈছে সেই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই।

এক সুত্ৰৰ পৰা জানিব পৰা মতে জিলা প্ৰশাসনে পত্ৰখন শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকক দিয়াৰ পিছত আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰিছে। বৰ্তমানলৈকে বিষয়াজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী।

ইতিমধ্যে দিগন্ত শইকীয়াৰ পৰিয়ালৰ লোক শিৱসাগৰত উপস্থিত হৈছেহি। জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে দিগন্ত শইকীয়াৰ চৰকাৰী আবাসগৃহ পৰিদৰ্শন কৰে। কেইবাটাও বছৰ ধৰি এনআৰচিৰ কামত নিয়েজিত আছিল বিষয়াজন।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ চুড়ান্ত তালিকাখন অহা ২৪ জুলাইত প্ৰকাশৰ অন্তিম সময়সীমা নিৰ্ধাৰণ কৰি দিছে। এনে সময়তে একাংশ পক্ষপাতদুষ্ট লোকে খিলঞ্জীয়া লোকক বিদেশী সজাই অভিযোগ দাখিল কৰা দেখা গৈছে। ফলস্বৰূপে শুনানি গ্ৰহণৰ বহু বিষয়াই কামৰ হেঁচাত ভাগৰি পৰিছে। উচ্চপদস্থ বিষয়াই দিগন্ত শইকীয়াক এন আৰ চি কাম লেহেমীয়া কৰা বুলি ভাবুকি প্ৰদান কৰাৰ বাবেই বিষয়াজন মানসিক ভাৱে ভাগি পৰি এনে সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in