অসমীয়া মানুহ জেন'ফবিক। অসমীয়া মানুহে অত্যাচাৰ কৰিছে সংখ্যালঘু লোকক। তোমালোকেই চলাইছিলা এদিন এই প্ৰচাৰ। ৰাজনীতি, স্বাৰ্থ আৰু গোপন লক্ষ্যক আঁৰত ৰাখি কৈছিলা- সেই লোকসকলক অসমীয়া মানুহে অত্যাচাৰ কৰে।
চৰকাৰী পক্ষৰ উদ্দেশ্য কি আমি নাজানো। অসমীয়া মানুহে সংখ্যালঘুৰ সেই লোকসকলক কিন্তু তোমালোকে ভৱাৰ দৰে জ্ঞান নকৰে। তাৰ প্ৰমাণ উজনি অসমলৈ এন আৰ চিৰ নথি পুনৰ নিৰীক্ষণৰ বাবে মতা মানুহবোৰে হৃদয়ত লৈ আহিছে।
নামনিৰ পৰা কোনোদিনেই উজনিলৈ নোযোৱা মানুহবোৰৰ মনত তোমালোকে যি শংকা ভৰাই দিছিলা, সেই শংকা তাত গৈ হেৰাই গ'ল। আতিথ্যৰ লগতে দায়বদ্ধতাৰে সেই অচিন লোকসকলক যি সেৱা-শুশ্ৰুষা গোলাঘাট, শিৱসাগৰ, যোৰহাটত কৰিলে সেই খবৰ এতিয়া তোমালোকে ছপাই দিয়া আল জাজিৰাত।
মুষ্টিমেয় কেইজনমানৰ অকালপক্ক মগজু আৰু নিজকে নেতা-নেত্ৰী কৰাৰ চেষ্টাৰে সমন্বয়ৰ বাটত জেং দি নিজেই সেই জেং আতৰাই সেই লোকসকলৰ ত্ৰাণকৰ্তাৰ ৰূপত ভূমুকি মাৰিব খোজা সকলক উজনি অসমৰ মানুহে উচিত শিক্ষা দিলে। আৰু আজি সেই সকলেই এই বাৰ্তা বিলাবলৈ বাধ্য হৈছে।
এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াত বাধা আৰু অপপ্ৰচাৰে সহজ সৰল মানুহখিনিক অসমীয়া হোৱাৰ পৰা নিলগাই ৰাখি ৰাজনীতিৰ ক্ষেত্ৰত দৰ-দাম কৰিব খোজা তথাকথিত কোনো লোকে খবৰ নোলোৱাকৈয়ে লিখি দিছিল- '১২জন মানুহ মৰিল। ইয়াৰ বাবে দায়ী এন আৰ চি কৰ্তৃপক্ষ।'
এই অপপ্ৰচাৰে কি পৰিৱশৰ সৃষ্টি কৰিব পাৰে, সেই কথা এবাৰো ভাৱি নাচালে এসময়ত সাংবাদিকতাৰে জড়িত তথাকথিত অভিজ্ঞ বুলি ভৱা লোকে। তেওঁলোকৰ চিন্তাৰ গভীৰতা ইমানেই। প্ৰগতিবাদী মুখা পিন্ধি দ্ৰাবিড়সকলক ভাৰতৰেই নহয়, প্ৰাচীন অসমৰ বাসিন্দা বুলি কৌশলেৰে প্ৰচাৰ চলাই ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সকলক একাকাৰ কৰি কোনে কি ৰাজনৈতিক লক্ষ্যৰে এই প্ৰচাৰত হাত উজান দিছিল, সেয়া এতিয়া গোপন হৈ থকা নাই।
এনে এচাম লোকে মিঞা কবিতাৰ আধাৰত অসমৰ সম্প্ৰীতি বিনষ্ট কৰিবলৈ বিচৰা কাৰ্যৰ বিৰোধ কৰোতে প্ৰগতি আৰু বাওঁচিন্তাৰ প্ৰৱক্তাৰূপত সেই কবি সকলৰ গোপন স্বাৰ্থক বুজিও নুবুজা ভাও ধৰা সকলে জাতীয়তাবাদক ভেঙুচালি কৰিবলৈ এৰা নাছিল। তেওঁলোকৰ যুক্তি আছিল বাক স্বাধীনতা। যদি সেয়াই হয়, অসমীয়াক অপমান কৰা সকলৰ বিৰুদ্ধে মাত মতাত কিয় এই বাক স্বাধীনতাই প্ৰাধান্য নাপাব? সেই কথা তেওঁলোকে বুজিব পাৰিও বুজা নাছিল।
কোনো কোনোৱে কাৰোবাক ৰ'ল মডেল সজাই এন আৰ চিৰ নামত ষড়যন্ত্ৰৰ শিপা বিচাৰি অসম আৰু অসমীয়াক জবাবদিহী কৰিবলৈ সেই সময়তো এৰা নাছিল। দিন ৰাতি হেনো একাকাৰ কৰি তেওঁলোকে কাম কৰিছে। অৱশ্যে তেওঁলোকৰ সেই কামৰ নমুনা চিৰস্থায়ী কৰিবলৈ বাহিৰৰ ৱেব পৰ্টেলত এই খবৰ প্ৰচাৰ আৰু তেওঁলোকৰ ভাষ্যৰে সমগ্ৰ পৰিৱেশটোক অধিক সংবেদনশীল কৰিবলৈ চেষ্টাৰ কৃপণালি কৰা নাছিল।
শ্ৰমজীৱী এই সংখ্যালঘু লোকসকলৰ সৈতে এন আৰ চি উন্নীতকৰণৰ নামত যি হৈছিল, সেয়া ভাল হোৱা নাছিল। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা আৰু সেই সুযোগ গ্ৰহণ কৰি আত্ম প্ৰচাৰেৰে নিজেই ধন্য হ'ব খোজা সকলে ভৱা নাছিল এন আৰ চিৰ এই প্ৰক্ৰিয়াত যে এনে এক সমন্বয়ৰ বাৰ্তা উজনিৰ পৰা নামনিলৈ এইসকল লোকে কঢ়িয়াই আনিব।
যোৰহাটত এন আৰ চিৰ নথি নিৰীক্ষণৰ বাবে যোৱা লোকসকলক গৈ পোৱাৰ পাছৰে পৰাই সহায় কৰা তাৰ এজন স্থানীয় যুৱকে জানিবলৈ দিছিল এই প্ৰক্ৰিয়াত কিদৰে সেই লোকসকলক সহায় কৰিছিল এন আৰ চিৰ কামত নিয়োজিত কৰ্মচাৰী-বিষয়া সকলে।
সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰচণ্ড গৰমত ইমান দূৰৈৰ পৰা যোৱা লোকসকলক কাৰেন্ট নথকাৰ বাবে এ চি চলাই নিজৰ গাড়ীৰ ভিতৰত বহাই তেওঁলোকৰ নথি পত্ৰ যিমান পাৰি সোনকালে পৰীক্ষণ কৰি উভতি অহাৰ ব্যৱস্থা কৰি দিছিল।
এইবোৰ কথা কিন্তু তেওঁলোকে নিলিখে। তেওঁলোকে বিচাৰি ফুৰে ৰৌ-টোতে ঢৌ-টো কৰিব পৰা খবৰ। সেই কথাবোৰ প্ৰচাৰ কৰিলেহে তেওঁলোকৰ অস্তিত্ব ৰক্ষা হয়। যিমানেই উত্তেজনাৰ সৃষ্টি হয়, সিমানেই তেওঁলোকৰ প্ৰাধান্য বাঢ়ে। সেই সুযোগ অৱশ্যে উজনিবাসীয়ে নিদিলে।
সুযোগৰ সন্ধানত থকা মুষ্টিমেয় সেই লোকসকলে যদি প্ৰশ্ন কৰে-জাতীয়তাবাদীসকল ক'ত লুকাই আছে? তেনেহ'লে তেওঁলোককো সুধিব খোজো- টিভিত বহি লম্ফ জম্ফ কৰি কবিতা লিখি ভুৱা প্ৰচাৰেৰে মানুহক বিভ্ৰান্ত কৰিব খোজা তথাকথিত সেই লোকসকলে এই মানুহবোৰক এতিয়া সোধক তেওঁলোকৰ প্ৰতি কোনোবাই দুৰ্ব্যৱহাৰ কৰিছিল নে উজনিত?
যোৱা কিছুদিন ধৰি হোৱা সেই পূৰ্ণ নিৰীক্ষণ কেন্দ্ৰবোৰলৈ তেওঁলোকে যি শংকাৰে গৈছিল, সেই শংকা এই তথাকথিত মিঞাবাদী লোকসকলোৰে সৃষ্টি নাছিলনে? সাপ হৈ খুটি, বেজ হৈ জাৰি প্ৰগতিবাদী চিন্তাৰে নিজকে আধুনিক আৰু সেই লোকসকলৰ প্ৰতি অধিক দায়বদ্ধশীল সজোৱা সকল এদিন যে 'বিড়াল তপস্বী' হৈ চিনাকি দিব সেই কথা আজিয়েই কৈ থ'লো।
এনে পৰিৱেশৰ মাজত অসমীয়া সংবাদ মাধ্যমকে পক্ষপাত ভূমিকা লোৱা বুলি এইসকলে ৰায় দিছিল। বাহিৰৰ একাংশ সংবাদ মাধ্যমৰ জৰিয়তে অসমীয়া আৰু অসমৰ বিৰুদ্ধে কথা কৈছিল। কটন কলেজৰ ছাত্ৰই বানপানীৰ সময়ত আশ্ৰয় ল'বলৈ সংখ্যালঘু লোকসকলক উচ্ছেদ কৰা বুলি কোৱা কথাবোৰৰ বাবে এতিয়া অকনমানো লাজ অনুভৱ নকেৰেনে?
তেওঁলোকৰ পৰিকল্পিত এই ব্যক্তিগত মুনাফাৰ বজাৰখন সংখ্যালঘু লোকসকলৰ উন্নয়নৰ বাবে নে ৰাজনীতি আৰু প্ৰতিষ্ঠাৰ দিশত অনুশীলনৰ ক্ষেত্ৰ, সেই উত্তৰ সময়ে দিব। নহ'লেনো তেনে উগ্ৰ মিঞা জাতীয়তাবাদৰ আধাৰত অসমীয়া জাতীয় সত্বাক মষিমূৰ কৰিবলৈ সংখ্যালঘু লোকসকলক সন্মুখত ৰাখি পিছফালৰ পৰা নেতৃত্ব দিয়া লোকে নিজ ভাতৃক এন আৰ চিৰ নামত তেনে সংখ্যালঘু লোকসকলক অত্যাচাৰ কৰা বুলি আঙুলি তোলা শাসক পক্ষৰ সৈতে মিলা-মিচা কৰিবলৈ এৰি দিয়ে নে?
অবাঞ্চিত আৰু অযুক্তিকৰ সকলো কথাই বিৰোধ কৰাৰ যুক্তি আছে। কিন্তু বিৰোধিতা কৰিব লাগে বুলিয়েই বিৰোধ কৰি যোৱা সকলে বাংলাভাষী লোকসকলক ধৰ্মীয় পৰিচয় পাহৰি অসমীয়াৰ বিৰুদ্ধে একত্ৰিত হ'বলৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে চলোৱা কৌশলপূৰ্ণ প্ৰচাৰবোৰ চকুত নপৰাকৈও থকা নাই।
এই মুখাধাৰী একাংশ লোকে কোনো এন জি অ'ৰ পৰা হাজাৰ হাজাৰ টকাৰ দৰমহা লৈ সমাজ সেৱাৰ নাটক কৰিলে তেওঁলোকৰ বহুৱামী দেখি মুখত ৰুমাল লৈ হাঁহিম নে কান্দিম লাগে বুজি পোৱা সকলৰ। নিজকে কোনো সমষ্টিৰ বাবে আগতীয়াকৈ প্ৰক্ষেপ কৰা এই সুবিধাবাদী শ্ৰেণীটোৱে ভালদৰে জানে সেই সমষ্টিত কেৱল সংখ্যালঘু ভোটাৰ ভোটেৰে জয়ী হ'ব নোৱাৰি। ইয়াৰ বাবে এতিয়াৰ পৰাই চলিছে প্ৰস্তুতি আৰু মেলিছে ভোট চপোৱা জাল।
তেনে লোকসকলৰ নাম মুকলিকৈ ক'ব পাৰি যদিও সেই সকলৰ ইচ্ছা হয়তো উজনি অসমৰ এই পৰিৱেশে নসাৎ কৰি পেলালে। অসমীয়াৰ পৰা পৃথক কৰি এই লোকসকলক লৈ ৰাজনীতিৰ সপোন দেখাসকলে কবিতাৰ নামত নিজৰ মনৰ কথা প্ৰকাশ কৰাত আপত্তি নাই। কিন্তু আপত্তি তেতিয়াহে আহে, যেতিয়া নিজকে অসমীয়া বুলি ভৱা লোকসকলৰ মাজত, তেওঁলোকৰ অন্তৰত ইয়াৰ জৰিয়তে বিভেদৰ বীজ সিঁচি উগ্ৰ ধৰ্মীয় সমান্তৰাল শক্তিক তেওঁলোকে উৎসাহিত কৰিলে।
এতিয়া অন্তত সেই মুষ্টিমেয় লোকসকলে অসমীয়াৰ বদনাম গাবলৈ এৰক। এইখিনি দেখাৰ পাছত সেই সকলৰ সৈতে 'হুৱা দিয়া' সকলেও নিজৰ গাত এটা চিকুট মাৰি চাবলৈ শিকক। কাৰোবাক সমালোচনা কৰাৰ নামত প্ৰকৃত সত্যক অনুধাৱন নকৰাকৈ ষড়যন্ত্ৰৰ জাল মেলা সকলৰ সৈতে থকা বৌদ্ধিক সম্পৰ্কক অগ্ৰাধিকাৰ দি জাতীয় জীৱনক ভেঙুচালি কৰা তথাকথিত লোকসকলে সাধাৰণ লোকসকলৰ মনৰ ভাষা এতিয়া পঢ়িব বা বুজি নাপাবনে?
কোনোৱে এই পৰিৱেশক নিজৰ দৃষ্টিৰে বিচাৰ কৰি নিজৰ পক্ষ হৈ ওকালতি কৰিলেও তেওঁলোকৰ পূৰ্বৰ কৰ্মকাণ্ডতে লুকাই আছে অকালপক্ক চিন্তা-চেতনাৰ প্ৰমাণ। মিঞা কবিতাক লৈ বিৰোধিতা কৰি পোষ্ট দিয়াসকলক সমালোচনা কৰাৰ বিপৰীতে সেই অস্থিৰ পৰিৱেশ যিসকলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছিল, তেনে তথাকথিত সমাজবাদী, অল্পমতি সকলে গছৰ আগৰ পৰা নামি বাস্তৱক অনুধাৱন কৰিবলৈ শিকক।
এন আৰ চিৰ নামত কোনো ভাৰতীয়ই হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে। সেই ক্ষেত্ৰত কোনো অসমীয়াৰে দ্বিমত নাছিল। তাৰ লগতে এন আৰ চিত বিদেশী নাগৰিকৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ কোনোবাই চক্ৰান্ত কৰিব, সেই কথাও অসমীয়াই মানি ল'ব নোৱাৰে। জীয়েকৰ বয়স ৬০, পিতৃৰ বয়স ৫৫ হ'লে তেনে লিগেচী ডাটাৰ ক্ষেত্ৰত অসমীয়াৰ উদাৰতাক দুৰ্বল বুলি ভাৱিলে ভুল ভৱা হ'ব।
আজি উজনি অসমৰ সেই দৃশ্যবোৰ দেখি, মানুহবোৰৰ আন্তৰিকতাৰ আভাষ পাই অসমীয়া জেন'ফবিক, বালাৎকাৰী বুলি বিশ্বৰ দৰবাৰত চিঞৰি চিঞৰি কোৱা কোনোবা কালাম, আশ্ৰাফুল, চেলিমহঁতৰ সুমতি হওক। তেওঁলোকৰ অদূৰদৰ্শী আৰু প্ৰচাৰমুখী অত্যাধিক প্ৰৱণতাই কি ভয়ংকৰ পৰিৱেশৰ মাজলৈ এই মানুহখিনিক ঠেলি পঠিয়াইছিল, সেই কথা সোণতলী, ছমৰীয়াৰ মানুহবোৰে এতিয়া অন্তত উপলব্ধি কৰিছে।
এতিয়া তেওঁলোকে কবিতা লিখক। অসমীয়াক গালি পাৰি মিঞা কবিতা লিখাসকলে তেওঁলোকৰ প্ৰতিবাদী কণ্ঠ পুনৰ জগাই তোলক। উজনি অসমৰ সেই সকলোবোৰ দৃশ্য দুই একে নিজ চকুৰে দেখি আহিছে। সংবাদ মাধ্যমতো সেই সম্প্ৰীতিৰ খবৰ প্ৰচাৰ হৈছে। কবিতাৰ মাধ্যমেৰে তেওঁলোকে এই কথাবোৰো এতিয়া প্ৰচাৰ কৰক।
তেনে অভিজ্ঞতাৰ সন্মুখীন হৈ ঘৰলৈ উভতা লোকসকলৰ মনৰ ভাৱ কবিতাৰ জৰিয়তে প্ৰচাৰ কৰি অসমীয়াৰ উদাৰতা আৰু এই প্ৰবজনকাৰী লোকসকলৰ সৈতে গঢ় লৈ উঠা আত্মীয়তা এতিয়া কবিতাৰে প্ৰকাশ কৰাত বাধা ক'ত?
সমন্বয়ৰ সেই বাৰ্তা বিয়পি পৰাৰ বহু সময় হ'ল। কিন্তু এতিয়ালৈ সেই সকলে কবিতা লিখিবলৈ অৱকাশ নাপালে। ইয়াৰ বিপৰীতে দুৰ্ঘটনা বা আন আকস্মিক পৰিঘটনাক কবিতাৰ ভাষাৰে তুলি ধৰি সম্প্ৰীতি বিনষ্টৰে মানুহৰ মনবোৰ ভাৰাক্ৰান্ত কৰিবলৈ ঠিকেই কলম তুলি লয়।
পুনৰ কওঁ, যিবোৰ নঘটিবলগা ঘটিছে তাৰ বিৰোধিতা কৰক। এইবোৰ বেয়া বুলি ক'ব পৰা সাহস আছে। গোলাঘাট, যোৰহাট, কলিয়াবৰ, সৰুপথাৰ, বোকাখাত আদিত বহু ভাল অভিজ্ঞতাৰ সঞ্চয় কৰি পুনৰ সোণতলী, ছমৰীয়া আদি ঠাইলৈ আন্তৰিকতাৰে উভতি অহা মানুহৰ মনবোৰক জীপাল কৰিব পৰাকৈ এক পৰিৱেশ গঢ়ি তোলাতো তেওঁলোক চামিল হওক। কেৱল দৰিদ্ৰতা, শংসয়, নিৰ্যাতন এইবোৰেৰেই একপক্ষীয়ভাৱে এই সংখ্যালঘু লোকসকলৰ প্ৰবক্তা হ'ব খোজা সেই তথাকথিত নেতা, নেত্ৰী, সমাজসেৱীসকলৰ দৃষ্টিকোণ এতিয়া সলনি হ'বনে?
কোনোবাই ইয়াক বৰ্ণবাদী মানসিকতাৰ বহিঃপ্ৰকাশ বুলি কৈছে। আন কোনোবাই শাসক বা কোনো পক্ষৰ সেই চক্ৰান্তক সমালোচনা কৰিও পথৰ দাঁতিত ভোকে-লঘোনে পৰি থকা সকলক আহাৰ-পানী যোগান ধৰি অতিথিৰ দৰে কৰা শুশ্ৰুষাক এক বিৰল নিদৰ্শনৰূপে অভিহিত কৰিছে।
বিভাজন, বিদ্বেষ বা ঘৃণাৰ বিপৰীতে উজনিত সদিচ্ছা আৰু সমন্বয়ৰ পৰিৱেশ ৰচনা হ'ল। অজান আশংকা সলনি হ'ল সুখানুভূতিলৈ। অচিন লোক সকলেই খাদ্য-পানীৰ লগতে শৌচাগাৰৰ ব্যৱস্থা কৰি দিছিল। উচ্চাৰিত হৈছিল- আমি অসমীয়া, উদাৰ অসমীয়া।
কবিতাৰে কুৎসা ৰটনা কৰি আত্ম সন্তুষ্টিত মছগুল হোৱা সকলে স্বাক্ষৰ অভিযান চলাই দিল্লীত বৈঠক পাতি এদিন তেওঁলোকৰ দৃষ্টিভংগীৰ প্ৰচাৰ কৰিছিল। এতিয়া সেইসকলে সেই বৈঠকলৈ মাতি অনা সকলক এই খবৰো দিয়ক। কোন বিদেশী, কোন স্বদেশী সেয়া বিচাৰ কৰিবলৈ এক ব্যৱস্থা আছে। কিন্তু সকলোৰে উৰ্ধ্বত গৈ কেৱল অপপ্ৰচাৰ চলাই ফুৰা সকলে এতিয়া অন্ততঃ স্বীকাৰ কৰক- তেওঁলোকৰ ভুল আছিল।
আন নহ'লেও আল জাজিৰাত পূৰ্বৰ বদনামবোৰৰ দৰে এই ভাল খবৰবোৰৰো প্ৰকাশৰ ব্যৱস্থা কৰক। ইয়াত কাৰো ৰাজনীতি নাই। সাধাৰণ মানুহৰ আন্তৰিকতাখিনিক তুলি ধৰি কবিতা লিখিবলৈ উদ্বাউল হৈ থকাসকলে এতিয়া লিখক অন্ততঃ এই কথাৰে একো একোটা মিঞা কবিতা।