হিমা দাসৰ প্ৰশিক্ষক নিপন দাসৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ! ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ এথলীটৰ

হিমা দাসৰ প্ৰশিক্ষক নিপন দাসৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ! ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ এথলীটৰ

ডিজিটেল ডেস্কঃ হিমা দাসৰ প্ৰশিক্ষক নিপন দাসৰ বিৰুদ্ধে সৰৱ হ'ল এইবাৰ নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ। প্ৰশিক্ষকজনে সৰুসজাই ষ্টেডিয়ামত এগৰাকী মহিলা এথলীটক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তিনি মাহৰ পূৰ্বে ৰুজু হৈছিল বশিষ্ঠ থানাত।

এনে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো আৰক্ষীয়ে ওপৰৰ ক্ষমতাশালী লবীৰ হেঁচাত এই প্ৰশিক্ষকজনৰ বিৰুদ্ধে ল'বলগীয়া ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ তুলিলে নিৰ্যাতন বিৰোধী ঐক্যমঞ্চই।

শুকুৰবাৰে এক সংবাদমেলযোগে মঞ্চৰ নেত্ৰী সুমিত্ৰা হাজৰিকাই কৈ যে- আৰক্ষীয়ে এই অভিযুক্তগৰাকীক ৰক্ষণা-বেক্ষণ দিবলৈ চেষ্টা কৰিছে। সংগঠনটোৱে বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে এ চি পি আৰু ডি চি পিৰো বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে।

লক্ষণীয় যে, তিনি মাহৰ পূৰ্বেই নিৰ্যাতনৰ বলি হোৱা এথলিটগৰাকীয়ে বশিষ্ঠ থানাত গোচৰ ৰুজু কৰিছিল। আৰক্ষীয়ে নিপন দাসক আটক কৰি নিছিল যদিও এক ৰাতি থানাত ৰখাৰ পাছতেই মুকলি কৰি দিয়াৰ অভিযোগ তুলিলে সংগঠনটোৱে। পৰৱৰ্তী সময়ত জামিন লাভ কৰিলে এইগৰাকী প্ৰশিক্ষকে।

? পঢ়িবলৈ তলৰ ফটোত ক্লিক কৰকঃ

ইফালে, এই ঘটনা সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে নিপন দাসৰ প্ৰতিক্ৰিয়া বিচৰাত তেওঁ কয় যে- 'তিনি মাহৰ আগৰ এটা গোচৰ। মোৰ বিৰুদ্ধে তেওঁলোক লাগি আছে। মই আইনক বিশ্বাস কৰো। যদি এই অভিযোগ মিছা হয়, তেন্তে তেওঁলোকেও ইয়াৰ বাবে শাস্তি পাব লাগিব।'

প্ৰণিধানযোগ্য যে, এই গোচৰৰ ন্যায় বিচাৰি নিৰ্যাতনৰ বলি হোৱা এথলীটগৰাকীয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। ১৯ ছেপ্টেম্বৰত এক পত্ৰযোগে এথলীটগৰাকীয়ে উপযুক্ত তদন্তৰে দোষীক শাস্তি বিহিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in