অসমত ৪,৬০৫লৈ বৃদ্ধি কোৰোনাত আক্ৰান্তৰ সংখ্যাঃ নতুনকৈ ৯৫ জনৰ দেহত কোভিড-১৯…

অসমত ৪,৬০৫লৈ বৃদ্ধি কোৰোনাত আক্ৰান্তৰ সংখ্যাঃ নতুনকৈ ৯৫ জনৰ দেহত কোভিড-১৯…
  • অসমত নতুনকৈ ৯৫ জন লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে।
  • উল্লেখ্য যে, ৯৫ জন লোকৰ ভিতৰত ২১ জন যোৰহাটৰ, ২০ জন গোলাঘাটৰ, ১২ জন হাইলাকান্দিৰ, ডিব্ৰুগড় আৰু কামৰূপৰ ৬জনকৈ লোক, ৭ জন কাৰ্বিআংলঙৰ, ধেমাজি, বৰপেটা আৰু কাছাৰৰ ৪জনকৈ লোক, ৩ জন বঙাইগাঁৱৰ, নগাঁও আৰু ওদালগুৰিৰ ২জনকৈ লোক আৰু ডিমা হাছাও আৰু শোণিতপুৰৰ এজনকৈ লোক।
  • ২জন লোকৰ সবিশেষ বৰ্তমানো লাভ কৰা হোৱা নাই।
  • অসমত কোৰোনা আক্ৰান্ত লোকৰ মুঠ সংখ্যা হৈছেগৈ ৪,৬০৫ জন।
  • এতিয়ালৈকে আৰোগ্য হৈছে ২,৪১১ জন লোক।
  • এতিয়া হাস্পতালত আছে ২,১৮৩ জন লোক।
  • ইফালে অসমত এতিয়ালৈকে মৃত্যু হৈছে ৮ জন লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in