শেহতীয়া খবৰ
হাজো-নলবাৰী পথৰ এলেংগীদলত পথ দুৰ্ঘটনা,নিহত ১  •  পশ্চিম গোৱালপাৰাত 'কা' বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত গণ সমাৱেশ...  •  মঙলদৈত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন...  •  ডবকাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ...  •  চীনত কোৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩২জনলৈ বৃদ্ধি...  •  ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত অৰ্ধশতাধিক মহিলাৰ চাফাই অভিযান...  •  নলবাৰীত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ... VIDEO  •  পথৰ দুৰৱস্থা! ১২ কিলোমিটাৰ চাঙিত কঢ়িয়াই নিব লগা হৈছে ৰোগীক... VIDEO  •  বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন হলে স্বয়ংক্ৰিয়ভাৱে বড়োলেণ্ড পৃথক ৰাজ্য গঠন হ'বইঃ হাগ্ৰামা...  •  ড০ হীৰেণ গোঁহাইৰ বিৰুদ্ধে চানমাৰী থানাত গোচৰ ৰুজু...

অসম নাট্য সন্মিলনৰ নলবাৰী অধিবেশনৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদ মেল, কেইবাটাও বঁটা ঘোষণা…

116

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ অসম নাট্য সন্মিলনৰ ৫৮ সংখ্যক নলবাৰী অধিবেশনৰ বাবে  শনিবাৰে সন্ধিয়া  প্ৰস্তুতিৰ বিষয়ে জনাবলৈ অসম নাট্য সন্মিলন আৰু নলবাৰী অধিবেশনৰ অভ্যৰ্থনা সমিতিয়ে যুটীয়াভাবে এখন সংবাদমেলৰ আয়োজন কৰে। নলবাৰীৰ নন্দেশ্বৰ শইকীয়া সভাঘৰত অনুষ্ঠিত এই সংবাদমেলতে এই বছৰৰ বাবে অসম নাট্য সন্মিলনৰ বঁটা ঘোষণা কৰা হয়।

অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়, প্ৰধান সম্পাদক বিপুল চলিহা, নলবাৰী অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক জয়ন্ত হাজৰিকা, উপসভাপতি ডঃ তৰুণ শৰ্মা, প্ৰচাৰ সম্পাদক মনোজ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থকা সংবাদমেলত অসম নাট্য সন্মিলনৰ তৰফৰ পৰা ৫৮ সংখ্যক নলবাৰী অধিবেশনত প্ৰদান কৰিবলগীয়া বঁটাসমূহ ঘোষণা কৰা হয়।

অসম নাট্য সন্মিলনে প্ৰতি বছৰে প্ৰদান কৰি অহা জীৱনজোৰা অৱদানৰ বাবে নাট্য ক্ষেত্ৰত আগবঢ়োৱা অসম নাট্য সন্মিলন বঁটা এইবছৰ লখিমপুৰ জিলাৰ বিশিষ্ট অভিনেতা নাজিম আহমেদক প্ৰদান কৰা হ’ব। সেইদৰে এই বছৰৰ বাবে মহেন্দ্ৰ বৰঠাকুৰ বঁটা প্ৰদান কৰা হ’ব ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, অভিনেতা আৰু কাৰিকৰী বিভাগৰ অধ্যাপক পৰাগ শৰ্মাক।

তদুপৰি অসমৰ নাট্য ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে নলবাৰী জিলাৰ বিশিষ্ট অভিনেতা – সংগঠক পবীন শৰ্মা, চতিয়াৰ নাট্যকাৰ- পৰিচালক পংকজজ্যোতি ভূঞা, নগাঁৱৰ নাট্যকাৰ- পৰিচালক অজিত বৰঠাকুৰ, ছিপাঝাৰৰ নাট্যকাৰ-অভিনেতা-শিক্ষাবিদ ৰজনীকান্ত নাথ, তিনিচুকীয়াৰ নাট্যকাৰ -পৰিচালক মাধৱ বৰঠাকুৰ, গুৱাহাটীৰ নাট্য সমালোচক অতুল মজুমদাৰ, তেজপুৰৰ অভিনেত্ৰী বীণা পটংগীয়া, তেজপুৰৰ নাট্যকাৰ গণেশ দাস আৰু পাঠশালাৰ নাট্যকাৰ-পৰিচালক নিতুল মেধিক অধিবেশনৰ মুকলি সভাত কেন্দ্ৰীয়ভাবে উল্লিখিত বঁটা প্ৰদান আৰু সম্বৰ্ধনা জনোৱা হ’ব।

অহা ৪,৫,৬ আৰু ৭ জানুৱাৰীত নলবাৰীত অনুষ্ঠিত হ’বলগীয়া অসম নাট্য সন্মিলনৰ অধিবেশনৰ যাবতীয় কাম পূৰ্ণ গতিত চলি আছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। অধিবেশনত আঠখন মাণ্ডলিক নাটক, অভ্যৰ্থনা সমিতিৰ এখন নাট,এখন শিশু নাট আৰু সংগীত নাটক একাডেমীৰ দুখন নাটক মঞ্চস্থ হ’ব বুলি সংবাদমেলত প্ৰকাশ কৰে।।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি