‘স্পেচিয়েল অ’লিম্পিক ভাৰত’ৰ উদ্যোগত সমাজ কল্যাণ বিভাগৰ সহযোগত দিব্যাংগসকলৰ বাবে ‘ৰাষ্ট্ৰীয় স্বাস্থ্য মেলা’

‘স্পেচিয়েল অ’লিম্পিক ভাৰত’ৰ উদ্যোগত সমাজ কল্যাণ বিভাগৰ সহযোগত দিব্যাংগসকলৰ বাবে ‘ৰাষ্ট্ৰীয় স্বাস্থ্য মেলা’

ডিজিটেল ডেস্কঃ বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 'আজাদী কা অমৃত মহোৎসৱ'ৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত 'স্পেচিয়েল অ'লিম্পিক-ভাৰত'ৰ উদ্যোগত আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় স্বাস্থ্য মেলা। 'স্পেচিয়েল অ'লিম্পিক-ভাৰত'ৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত বৌদ্ধিক দিশত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ স্বাস্থ্য পৰীক্ষা তথা কোভিড টীকাকৰণৰ ব্যৱস্থা কৰা হয়।

ইয়াৰ উপৰিও তেখেতসকলৰ দন্ত পৰীক্ষা আৰু হেল্থ প্রমোছনৰ দিশত দিহা-পৰামৰ্শ দিয়া হয়। উল্লেখ্য যে, 'স্পেচিয়েল অলিম্পিক-ভাৰত' হৈছে আমেৰিকাৰ স্পেচিয়েল অলিম্পিক সংস্থাৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত এটা ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেচন। যিয়ে সমগ্ৰ ভাৰততে বিভিন্ন ক্রীড়া অনুষ্ঠান কৰাৰ উপৰওি ক্রীড়াৰ উন্নয়নৰ বাবে কাম কৰি আহিছে আৰু ভাৰত চৰকাৰৰ দ্বাৰা এক ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেচন হিচাপে ২০০৬ চনত স্বীকৃতি লাভ কৰিছে।

দেশজুৰি অনুষ্ঠিত এই অনুষ্ঠানৰ মূল আকর্ষণ হ'ল — গীণিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত অন্তর্ভুক্তিৰ প্ৰয়াস। দেশৰ ৭৫ খন চহৰত ৭৫ হাজাৰ বৌদ্ধিক দিশত বিশেষভাৱে সক্ষম ক্রীড়াবিদে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি হোৱাৰ উপলক্ষে Spot Jogging ত অংশগ্ৰহণ কৰে। গুৱাহাটীত অনুষ্ঠিত 'স্পেচিয়েল অ'লিম্পিক-ভাৰতৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, আমাৰ চৰকাৰ দিব্যাংগসকলৰ সবলীকৰণৰ প্ৰতি সদায় সংবেদনশীল হৈ আহিছে।

তেওঁ লগতে উল্লেখ কৰে যে, ১ লাখৰো অধিক দিব্যাংগ ব্যক্তিক দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনিৰ দ্বাৰা এহাজাৰ টকাকৈ প্ৰদান কৰি থকা হৈছে। বিশেষভাবে সক্ষম ছাত্ৰ-ছাত্ৰীক মাহিলী জলপানিৰ ব্যৱস্থা কৰি আহিছে। তাৰোপৰি বিশেষভাবে সক্ষম ব্যক্তিসকলক ১ লাখ ১২হাজাৰ খন ইউ ডি আই ডি কার্ড প্রদান কৰা হৈছে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি সমাজ কল্যাণ মন্ত্রী অজন্তা নেওগে কয় যে, দিব্যাংগসকলক এক সন্মানজনক জীৱন প্রদান কৰাটো সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ নৈতিক দায়িত্ব। স্বাস্থ্যসম্মত ব্যৱস্থাৰ লগতে ক্রীড়াৰ ক্ষেত্ৰতো দিব্যাংগসকলৰ অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবেও আমাৰ চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে। বৌদ্ধিক দিশত বিশেষভাৱে সক্ষম ক্রীড়াবিদসকলক উপযুক্ত পুষ্টি সম্পন্ন কৰাৰ উদ্দেশ্য আগত ৰাখি কেইবাজনো স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে।

এই স্বাস্থ্য শিবিৰত ৬৬০ গৰাকী দিব্যাংগ এথলীটে পঞ্জীয়ন কৰাৰ লগতে তেওঁলোকে স্বাস্থ্য সম্পর্কীয় প্রশিক্ষণ গ্রহণ কৰে। অনুষ্ঠানত বিধায়ক ভবেশ কলিতা, হেমাংগ ঠাকুৰীয়া আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্র চাহু, সঞ্চালক বিভাষ মোডীকে ধৰি বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে দিব্যাংগসকলৰ পৰিয়ালৰ সদস্যসকলেও অংশগ্ৰহণ কৰে। অনুষ্ঠানত দুগৰাকী আন্তঃৰাষ্ট্ৰীয় এথলীট ৰোহন হো, অভিশেষ গগৈক সম্বর্ধনা জনোৱা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in