ঘোষণা হ’ল দৰং জিলাৰ তিনি পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম…

ঘোষণা হ’ল দৰং জিলাৰ তিনি পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম…

ডিজিটেল সংবাদ মঙলদৈঃ সোমবাৰে ঘোষণা হ'ল দৰং জিলাৰ তিনিখন পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম। দৰং জিলা বিজেপিৰ কাৰ্যালয়ত মঙলদৈ, ছিপাঝাৰ আৰু খাৰুপেটীয়া পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম ঘোষণা কৰে।

ভাৰতীয় জনতা পাৰ্টী, দৰং জিলাৰ কাৰ্য্যলয়ত অনুষ্ঠিত নৱ নিৰ্বাচিত খণ্ড আয়ুক্তসকলৰ আদৰণি সভাত জিলাখনৰ তিনিওটা পৌৰসভাৰ সভাপতি আৰু উপ-সভাপতি নাম ঘোষণা কৰে। জিলাখনৰ সহ-প্ৰভাৰী জুৰি শৰ্মা বৰদলৈ আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, দৰং জিলা বিজেপি-অগপৰ সভাপতি কৰ্মকৰ্তাসকল উপস্থিত থকা সভাখনত মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মা আৰু উপ-সভাপতি হিচাপে অচ্যুত দাসৰ নাম ঘোষণা কৰে।

একেদৰে ছিপাঝাৰ পৌৰসভাৰ পৌৰপতি পিনাক্ষী শৰ্মা, উপ-পৌৰপতি হিচাপে অভিনৱ হাজৰিকাৰ নাম ঘোষণা কৰে। খাৰুপেটীয়া পৌৰসভাৰ পৌৰপতি হিচাপে কৃষ্ণা চাহা আৰু উপ-পৌৰপতি হিচাপে অসীম চাহাৰ নাম ঘোষণা কৰে জিলাখনৰ সহ-প্ৰভাৰী জুৰি শৰ্মা বৰদলৈয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in