পশ্চিম এছিয়াৰ আজাৰবাইজানত অসমৰ বিহু, ককাল ভাঙি নাচিলে হাজাৰ হাজাৰ বিদেশীয়ে

পশ্চিম এছিয়াৰ আজাৰবাইজানত অসমৰ বিহু, ককাল ভাঙি নাচিলে হাজাৰ হাজাৰ বিদেশীয়ে

ডিজিটেল সংবাদ, নলবাৰীঃ বিদেশত উজলিল অসমৰ বিহু। এইবাৰ পশ্চিম এছিয়াৰ দেশ আজাৰবাইজানত অসমৰ বাপতি সাহোন বিহু প্ৰদৰ্শন কৰিলে নলবাৰীৰ এটা বিহুৱা দলে। উল্লেখযোগ্য যে, পশ্চিম এছিয়াৰ দেশ আজাৰবাইজানৰ ৰাজধানী বাকু চহৰত যোৱা ১৪ আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা এক সাংস্কৃতিক অনুষ্ঠানত Indian Council for Cultural Relations ৰ নেতৃত্বত নলবাৰীৰ পৰা যোৱা এটা ৯ জনীয়া দলে অংশগ্ৰহণ কৰে। শনিবাৰে সামৰণি পৰে এই অনুষ্ঠানৰ।

নলবাৰীৰ এই শিল্পীৰ দলটোৱে বিহু নৃত্যৰে বিদেশত ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। দলটোত আছে নলবাৰী জিলাৰ খাৰজাৰাৰ প্ৰিয়ংকা দাস, বৰমাৰ জ্যোতিৰ্ময় কলিতা আৰু উদীপ্ত কলিতা, আৰিকুছিৰ ৰমেন বৰুৱা আৰু গৌতম বৰুৱা, জাপাৰকুছিৰ সংগীতা বৰ্মন, নৱজিৎ বৰ্মন, চুইটি সৰকাৰ আৰু বৰসৰকুছিৰ পল্লৱী ৰাজবংশী। বিদেশৰ মাটিত কৃতিত্ব দেখুওৱা বিহু দলটিলৈ নলবাৰীৰ বিভিন্ন সংগঠন আৰু ব্যক্তিয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in