অসম-নগালেণ্ড সীমন্ত উৰিয়ামঘাটত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী গুলীত এজন চোৰাং চিকাৰী নিহত…

অসম-নগালেণ্ড সীমন্ত উৰিয়ামঘাটত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী গুলীত এজন চোৰাং চিকাৰী নিহত…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমাৰ বি চেক্টৰৰ জাহাজী গাৱত আজি পুৱতি নিশা আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযানত এজন লোক নিহত হোৱাৰ বাতৰি পোৱা গৈছে। জানিব পৰা মতে সীমান্ত অঞ্চলটোত গঁড় চিকাৰী আচমত আলি আৰু তেওঁৰ কেইজন সহযোগীয়ে আত্মগোপন কৰাৰ খবৰ উৰিয়ামঘাট আৰক্ষীয়ে বিশেষ সূত্ৰে জানিব পাৰি সীমান নিযোজিত নিৰপেক্ষ বাহিনী ১৫৫ নং চি আৰ পি এফৰ বেটেলিয়নৰ সহযোগত যোৱা ৰাতি প্ৰায় ৮-৩০ বজাত উক্ত অঞ্চলটোত অভিযান আৰম্ভ কৰে।আজি পূৱা প্ৰায় তিনি মান বজাত সীমাৰ জাহাজী গাঁৱত আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়ত এটা পৰিতক্ত গৃহত এটা ৩/৪ জনীয়া লোকৰ দল এটাই আশ্ৰয় লৈ থকাৰ খবৰ পায়।

আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দলটো দেখি লোককেইজনে পলাবলৈ চেষ্টা কৰাত তেওঁলোকক আৰক্ষীয়ে ৰ'বলৈ নিদ্দেৰ্শ দিয়ে যদিও দলটোৱে আৰক্ষীৰ গালৈ গুলি চালনা কৰে।প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলী চলোৱাত এজন লোক আহত হয়।আহত লোকজনক আৰক্ষীয়ে ততাতৈয়াকৈ সৰুপথাৰ ৰ চিকিৎসালয়লৈ প্ৰৈৰণ কৰে যদিও মৃত ঘোষনা কৰে। পিছত মৃত ব্যক্তিজন বিশ্বনাথ চাৰিআলিৰ আব্দুল চৈয়দ বুলি প্ৰকাশ পাইছে।ইপিনে দলটোত থকা বাকী কেইজন আন্ধাৰৰ সুযোগ লৈ পলায় যাবলৈ সক্ষম হয় যদি ও আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক বিছাৰি অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে।আনহাতে ঘটনাস্থলিৰ পৰা আৰক্ষীয়ে এটা পিষ্টল এজাঁই সজিব গুলী আৰু দুটা খালী কাৰ্টুজ উদ্ধাৰ কৰিছে।আৰক্ষীয়ে নিহত ব্যক্তিগৰাকী কাজিৰঙাৰ গঁড়ৰ চোৰাং চিকাৰীৰ সৈতে জড়িত থকা সন্দেহ প্ৰকাশ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in