শেহতীয়া খবৰ
পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...  •  বান্দৰদেৱাত কাছ সৰবৰাহ কৰি আটক হ'ল দুজন...  •  কাজিৰঙাৰ দোকানগৃহ উদ্বোধনৰ কাৰ্যসূচী বাতিল মন্ত্ৰী অতুল বৰাৰ...  •  ভাইৰেল টেলিফোনিক বাৰ্তালাপঃ কোভিড ৱাৰ্ডত সন্তান প্ৰসৱৰ পাছত ২০ মিনিটলৈ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিল থাকিল নৱজাতক...

অসম-নগালেণ্ড সীমান্তত নগাৰ দপদপনিঃ নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক…

338

ডিজিটেল সংবাদ, মৰিয়নীঃ মৰিয়নীৰ অসম নগালেণ্ড সীমান্তত চলিছে নগাৰ দপদপনি।অসমৰ ভূমিত নগাৰ আগ্ৰাসন অব্যাহত থকা সময়তে মৰিয়নিৰ নাগিনীজানত নগা আৰক্ষীয়ে এজন যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাই সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। জানিব পৰা মতে সীমান্তত গৰু বিচাৰি যাওতে ৰামপ্ৰকাশ হালোৱা নামৰ এজন ব্যক্তিক গুৰুলাগুৰুলকৈ প্ৰহাৰ  কৰে ৩ জনীয়া নগা আৰক্ষীৰ এটা দলে।

যুৱকজনে অসমৰ মাটিত থকা নগাৰ এখন অবৈধ গেট পাৰ হৈ নিজৰ এটা গৰু আনিবলৈ যোৱাৰ বাবে তিনিজনীয়া এটা নগা আৰক্ষীৰ দলে সোধপোচ নকৰাকৈ যুৱকজনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। পিচত গুৰুতৰভাবে আহত যুৱকজনক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইয়াৰ পাছতে মৰিয়নী আৰু দেৱেৰাপাৰা আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।। এই ঘটনাৰ পিচতে সীমান্তত ব্যাপক উত্তেজনাৰ সৃষ্টি হয়। আনহাতে ঘটনাস্থলীত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিতি হৈ অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ ভূমিকাক লৈ সৰৱ হৈ পৰে।   

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি