অসম-নাগালেণ্ড সীমা সমস্যাৰ প্ৰসংগই স্থান পালে আয়াৰলেণ্ডৰ বিশ্ববিদ্যালয়ত

অসম-নাগালেণ্ড সীমা সমস্যাৰ প্ৰসংগই স্থান পালে আয়াৰলেণ্ডৰ বিশ্ববিদ্যালয়ত

ডিজিটেল সংবাদ, গোলাঘাটঃ অসম-নাগালেণ্ডৰ সীমা সমস্যা দীৰ্ঘদিনীয়া সমস্যা৷ বিভিন্ন সময়ত এই সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মাজত আলোচনা চলি আহিছে যদিও আজিকোপতি অসম-নাগালেণ্ডৰ সীমা সমস্যাৰ স্থায়ী সমাধান হোৱা নাই৷ যাৰ ফলত দুয়োখন ৰাজ্যৰ মাজত সীমা সমস্যাক লৈ সীমান্তত সংঘৰ্ষৰ সৃষ্টি হৈ আহিছে বিভিন্ন সময়ত৷ উল্লেখ্য যে, শনিবাৰে এই বিষয়ত হোৱা আলোচনাই স্থান পালে সুদূৰ আয়াৰলেণ্ডত৷

গোলাঘাটৰে জীয়াৰী তথা দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষিকা ছাত্ৰী অন্তৰা বৰাই আয়াৰলেণ্ডৰ ডাবলিন চিটি ইউনিভাৰচিটিত অসম-নাগালেণ্ডৰ সীমা সমস্যাৰ সন্দৰ্ভত আলোচনা চক্ৰত নিজৰ আলোচনা পত্ৰ উপস্থাপন কৰিলে৷ বিশেষকৈ গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে অসম-নাগালেণ্ডৰ সীমান্ত পৰিভ্ৰমণ কৰি যুগুত কৰা 'নাগালিমক লৈ সীমান্তত বোকা ছটিওৱাৰ ৰাজনীতিঃ বিবদমান এলেকাত তৎপৰতা বৃদ্ধি নগাৰ' শীৰ্ষক বাতৰিটোৱে প্ৰাধান্য লাভ কৰে৷ এনেদৰে দুখন ৰাজ্যৰ সীমা সমস্যাৰ প্ৰতিবেদন অন্য এখন ৰাষ্ট্ৰৰ আগশাৰী বিশ্ববিদ্যালয়ৰ মজিয়াত উপস্থাপন হোৱা কাৰ্যই এইক্ষেত্ৰত এক ইতিবাচৰ প্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in