পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক

পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক


ডিজিটেল সংবাদ মৰিয়নিঃ নগাৰ আগ্ৰাসনক কেন্দ্ৰ কৰি পুনৰ উত্তপ্তহৈ পৰিছে মৰিয়নিৰ সীমান্ত।নগাৰ আগ্ৰাসনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ থকা দিচৈভেলী সংৰক্ষিত বনাঞ্চলখনক নাগালেণ্ডৰ বুলি দাবী কৰি এইবাৰ নগাই মাৰিলে নামফলক।নগা আও ষ্টুডেণ্ট কনফাৰেন্স নামৰ এটা সংস্থাই দিচৈভেলীক নাগালেণ্ডৰ সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰি আৰিলে ফলক।

নিউসোনোৱাল খণ্ড বন বিষয়াৰ কাৰ্যলয়ৰ সমীপৰ এটা অবৈধ বালি মহলৰ কাষতে থকা বন বিভাগৰ এখন নাৰ্চাৰীৰ বিপৰীত দিশত নগাই বৃহস্পতিবাৰে দিনদুপৰতে ফলকখন এজোপা গছত লগাই থৈ যায়।দিচৈভেলীৰ ভিন্ন স্থানত ৬খনকৈ ফলক আৰি দিচৈভেলীত নাগালেণ্ডৰ বেদখলৰ অপচেষ্টা কৰা বুলি জানিবপৰা গৈছে।অসম নাগালেণ্ডৰ শান্তি চুক্তিৰ পিছতে দুয়োৰাজ্যই দিচৈভেলীৰপৰা আৰক্ষী বাহিনী প্ৰত্যাহাৰৰ পিছতে নগাই শান্তি চুক্তি উলংঘা কৰা কাৰ্যই সীমান্তত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে দিচৈভেলীত ইতিমধ্যে নাগালেণ্ডেপ্ৰায় ৩ হেক্টৰ ভূমি নিজৰ দখললৈনি স্থায়ী ঘৰ দুৱাৰ নিৰ্মান কৰি গজগজীয়া হৈ বহিছে।কিন্ত শান্তি চুক্তিৰ নামত অসম চৰকাৰে দিচৈভেলীৰপৰা আৰক্ষী বাহিনী প্ৰত্যাহাৰ কৰিলে যদিও নগাৰ বেদখল উচ্ছেদৰ সাহস নহ'ল চৰকাৰ প্ৰশাসনৰ।ইফালে যোৱা ২৮মে'ত নগাৰ বেদখল প্ৰত্যক্ষ কৰিবলৈ যাওতে মৰিয়নিৰ তেতিয়াৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী নগাৰ গুলীবৰ্ষনৰ সন্মুখীন হ'বলগীয়া হৈছিল।

এই ঘটনাৰ পিছতে নগাৰ বেদখল উচ্ছেদৰ বাবে অনশনত বহিছিল ৰূপজ্যোতি কুৰ্মী। কিন্ত ইয়াৰ পিছতে গেৰুৱা বসন পিন্ধাৰ লগে লগে সীমা সমস্যাক লৈ নীতাল মাৰে প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী। দিচৈভেলীত নগাৰ বেদখল সন্দৰ্ভত সৰব হৈ অহা মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী এতিয়া কলৈ গ'ল বুলি সীমান্তবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in