মিজোৰ আক্ৰমণঃ নিহতৰ সংখ্যা ৭ লৈ বৃদ্ধি, আজি সীমান্তলৈ যাব মুখ্যমন্ত্ৰী

মিজোৰ আক্ৰমণঃ নিহতৰ সংখ্যা ৭ লৈ বৃদ্ধি, আজি সীমান্তলৈ যাব মুখ্যমন্ত্ৰী
  • অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ ঘটনাৰ মৃতকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি।
  • মিজোৰ আক্ৰমণত শ্বহিদ হৈছে মুঠ ৬ জন আৰক্ষী জোৱান।
  • শ্বহিদ আৰক্ষী জোৱান কেইজন ছামছুদ জামান, স্বপন কুমাৰ ৰায়, মাজৰুল হক, লিটন শুক্লবৈদ্য, সমুজ্জল বৰভূঞা আৰু নজৰুল লস্কৰ।
  • আনহাতে মিজোৰ আক্ৰমনত নিহত হৈছে আন এজন ব্যক্তি।
  • নিহত এই ব্যক্তিজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।
  • গোটেই ঘটনাৰ বুজ লবলৈ নিশাই শিলছৰত উপস্থিত মন্ত্ৰী পিয়ুষ হাজৰিকা।
  • মঙ্গলবাৰে শিলছৰ লৈ যাব ৰাজ্যৰ মুখ্যমন্ত্ৰী।
  • সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ ১১৯ নং বেটেলিয়ান মিজোৰামৰ ২২৫ নং বেটেলিয়ান মোতায়েন কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in