অসম-মিজোৰাম সীমান্তৰ ভাইৰেংটিত অপেক্ষাৰত চুপাৰীৰ ২৫০ ট্ৰাক, আৰক্ষী মেনেজেৰে অসম সোমাল ৩৫খন…

অসম-মিজোৰাম সীমান্তৰ ভাইৰেংটিত অপেক্ষাৰত চুপাৰীৰ ২৫০ ট্ৰাক, আৰক্ষী মেনেজেৰে অসম সোমাল ৩৫খন…

ডিজিটেল সংবাদ, শিলচৰঃ অসম-মিজোৰাম সীমান্তৰ ভাইৰেংটিত বৰ্তমান বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। পূৰ্বৰে পৰা এই স্থানত চুপাৰী ভৰ্তি ট্ৰাকসমূহ অবৈধভাৱে সৰবৰাহ কৰি অহা হৈছে ভাইৰেংটিৰ পৰা। জানিব পৰা মতে, এই এলেকাটোত ৰখা হৈছিল ২৫০খন চুপাৰীভৰ্তি ট্ৰাক। কিন্তু ডাইৰেক্টৰেট অৱ ৰেভেনিউ ইন্টেলিজেন্সে যিকোনো সময়তে ইয়াৰ বিৰুদ্ধে অভিযান চলাব পাৰে বুলি খবৰ ওলোৱাৰ পাছত এই চিণ্ডিকেটৰ সৈতে জড়িত সকল দিনতে তৰা দেখাৰ দৰে হৈছে। দেওবাৰৰ নিশাৰ পৰা হাহাঁকাৰ পৰিস্থিতি পৰিলক্ষিত হৈছে ভাইৰেংটিত।

জানিব পৰা মতে, চুপাৰী চিণ্ডিকেটৰ সৈতে জড়িত লোকসকলে দেওবাৰে পুৱতি নিশা লায়লাপুৰ আৰক্ষী আউটপোষ্ট আৰু ধলাই ধানাক মেনেজ কৰি ৩৫খন ট্ৰাক অসমত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। ইফালে, যোৱা ৭ মাৰ্চত প্ৰায় ২৮০খন চুপাৰী ভৰ্তি ট্ৰাক একেদৰেই ভাইৰেংটিৰ পৰা কাছাৰ হৈ পশ্চিমবংগলৈ সৰবৰাহ কৰা হৈছিল। ইতিমধ্যে শিলচৰৰ বিজেপি সাংসদ ড০ ৰাজদ্বীপ ৰয় এই চিণ্ডিকেটৰ সৈতে জড়িত বুলি সাংবাদ মাধ্যমৰ শিৰোনাম লাভ কৰিছে।

অভিযোগ উত্থাপন হৈছে যে, সাংসদ গৰাকীৰ ছত্ৰছায়াত কাম কৰি আছে শিলচৰৰ আলতাফ হুছেইন আৰু জাকিৰ হুছেইন নামৰ দুজন ব্যক্তিয়ে। ইফালে, ২৫০খন ট্ৰাকৰ ভিতৰত ১১৬খন ট্ৰাক আলফা হুছেইনৰ বুলি জানিব পৰা গৈছে। আনহাতে, বাকী কেইখন ট্ৰাক ক্ৰমে জাকিৰ হুছেইন, দীপাংকৰ দেৱ আৰু নিজাম উদ্দিন নামৰ ব্যক্তি কেইজনৰ।

উল্লেখ্য যে, ডাইৰেক্টৰেট অৱ ৰেভেনিউ ইন্টেলিজেন্সে অভিযান চলাব বুলি খবৰ বিয়পি পৰাৰ পাছতেই এই চুপাৰী ভৰ্তি ট্ৰাকসমূহ বনাঞ্চলত লুকাই ৰাখি এই চুপাৰীসমূহ ভাইৰেংটি এলেকাৰ স্থানীয় লোকসকলৰ ঘৰলৈ স্থানান্তৰ কৰাৰ চেষ্টা চলাই থকা হৈছে।

জানিব পৰা মতে, ২৬ ফেব্ৰুৱাৰীৰ পৰা ম্যানমাৰ-মিজোৰাম সীমান্তৰ চম্পাইৰ পৰা ভাইৰেংটিৰ বিভিন্ন গুডামলৈ অনা হৈছে হাজাৰ হাজাৰখন চুপাৰী ভৰ্তি ট্ৰাক। ইফালে, এই চুপাৰীৰ লগতে ড্ৰাগছ সৰবৰাহ কৰা বুলিও খবৰ বিয়পি পৰিছে। শিলচৰ এই ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোক সোণালী ত্ৰিভুজ বুলিও কোৱা হয়। দুসপ্তাহ ৰূপে বিএছএফৰ তালাচীত ৭ কোটি টকাৰ ইয়াবা টেবলেট জব্দ কৰা হৈছিল

উল্লেখ্য যে, বিজেপিৰ প্ৰাক্তন নেতা তথা শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত যোৱা সপ্তাহত চুপাৰী, কয়লা, শিল, গৰু, ৰাসায়কনিক সাৰ সৰবৰাহ চিণ্ডিকেটৰ সন্দৰ্ভত এক বিস্ফোৰণ ঘটাইছিল। তেওঁ অভিযোগ উত্থাপন কৰিছিল যে, শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰায়, লক্ষ্মীপুৰৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰায়, সোণাইৰ বিজেপি প্ৰাৰ্থী হকি লস্কৰ এই চিণ্ডিকেটৰ সৈতে জড়িত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in