অসম-মিজোৰাম সীমান্তত সংঘটিত সংঘৰ্ষত নিহত লোকৰ সংখ্যা ৬জনলৈ বৃদ্ধি…

অসম-মিজোৰাম সীমান্তত সংঘটিত সংঘৰ্ষত নিহত লোকৰ সংখ্যা ৬জনলৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শ্বিলঙত সীমান্ত সমস্যা সমাধানৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ ২৪ ঘন্টা নৌহওঁতেই ৰক্তাক্ত হ'ল কাছাৰৰ জিলাৰ অন্তৰ্গত অসম-মিজোৰাম সীমান্ত। ঢলাই সমষ্টিৰ অন্তৰ্গত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাইলাপুৰত অবৈধ বেদখলৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতেই এই সংঘৰ্ষৰ ঘটনা সংঘটিত হয়।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে অসম আৰক্ষী আৰু প্ৰশাসনৰ দলটো মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তই প্রথমে লাঠী আৰু দা-কতাৰী লৈ আক্ৰমণ চলায়। তাৰপাছত ধাৰাসাৰ গুলীবৰ্ষণ কৰে অসমৰ দলটোৰ ওপৰত। দিনৰ ২ বজাত প্রথমে দুই ৰাজ্যৰ আৰক্ষীৰ মাজত বাকবিতণ্ডাৰ সৃষ্টি হৈছিল। অসম আৰক্ষীয়ে মিজো আৰক্ষীৰ দলটোক পিচুৱাই যাবলৈ বাধ্য কৰিছিল যদিও মিজো দুৰ্বৃত্তৰ দলে পৰৱৰ্তী সময়ত সমীপৰ পাহাৰৰ পৰা গুলীবৰ্ষণ কৰে।

এই ঘটনাত বাতৰি প্ৰস্তুত কৰা পৰলৈকে ৬জন লোকৰ মৃত্যু হৈছে। ইয়াৰে চাৰিজন অসম আৰক্ষীৰ লোক। এজন স্থানীয় লোকো মিজোৰ দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। সমগ্ৰ অঞ্চলটোতে এতিয়া উত্তেজনাই বিৰাজ কৰি আছে। ৬০জনৰো অধিক আৰক্ষী আৰু স্থানীয় লোক আহত হৈছে এই আক্ৰমণত।

আহত সকলৰ ভিতৰত কাছাৰৰ আৰক্ষী অধীক্ষক বি চন্দ্ৰকান্ত নিম্বালকাৰ, ঢলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাহাবুদ্দিন আৰু উপায়ুক্তৰ সহায়কাৰীও আছে। মিজো দুৰ্বৃত্তৰ দলে কাছাৰ জিলা উপায়ুক্তৰ বাহনখনো ভাঙি চূৰমাৰ কৰে। আহত সকলক প্রথমে ঢলাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয়। তাৰপাছত সংকটজনক অৱস্থাত কেইবাজনকো শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে।

এই আক্ৰমণৰ ঘটনাত কোনোমতে প্ৰাণৰক্ষা পৰে কাছাৰৰ উপায়ুক্ত কীৰ্তি জলিৰ। মিজো দুৰ্বৃত্তৰ এই আক্ৰমণৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই সমস্যা সমাধানৰ বাবে আলোচনাৰ বাবে আইজললৈ যাবলৈও প্ৰস্তুত বুলি উল্লেখ কৰিছে।

সীমান্ত অঞ্চলত চুবুৰীয়া ৰাজ্যৰ অগ্ৰাসনৰ ঘটনা এয়াই প্রথম নহয়। এই আক্ৰমণৰ পাছতেই সীমান্তৱৰ্তী অঞ্চলত বাস কৰা অসমৰ স্থানীয় লোকেও মিজো লোকক আক্ৰমণৰ লক্ষ্য কৰি লয়। সেই পথেৰে অহা যোৱা কৰা বহু মিজোৰামমুখী বাহন স্থানীয় লোকৰ আক্ৰমণত চূৰমাৰ হয়। ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত বৃহৎ পৰিমানৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই ঘটনা সন্দৰ্ভত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনত কথা পাতিছে।উল্লেখ্য যে, যোৱা ১০ জুলাইত কাছাৰ জিলাৰ অন্তৰ্গত অসম-মিজোৰাম সীমান্তত জিলা প্ৰশাসনৰ উদ্যোগত এটা পথ নিৰ্মানত বাধা দিছিল মিজো আৰক্ষী আৰু সশস্ত্ৰ কিছু মিজো দুৰ্বৃত্তই। আনকি এই পথ নিৰ্মানৰ বাবে যোৱা জিলা প্ৰশাসনৰ লোকক লক্ষ্য কৰি গ্ৰেণেডো বিস্ফোৰণ কৰিছিল।

উল্লেখ্য যে, অসম-মিজোৰাম সীমান্তৰ ৬ কিলোমিটাৰ ভিতৰলৈকে মিজো আৰক্ষী আৰু দুৰ্বৃত্তই প্ৰৱেশ কৰি যোৱা ১৫ দিন ধৰি পৰিস্থিতি অশান্ত কৰি ৰাখিছিল। এই বিষয়টোক লৈ শনিবাৰে অমিত শ্বাহৰ উপস্থিতিত বিস্তাৰিতভাৱে আলোচনা হৈছিল। দিছপুৰৰ নিৰ্দেশমৰ্মে সোমবাৰে উপায়ুক্ত কীৰ্তি জলী অসম-মিজোৰাম সীমান্তত উপস্থিত হৈছিলহি। এইখিনিতে মন কৰিব লগা যে, মিজোৰাম আৰক্ষীয়ে সীমান্তৰ পৰা অসমৰ ভূমিত ৩ কিলোমিটাৰ প্ৰৱেশ কৰি পুলিচ ষ্টেচনো নিৰ্মান কৰিছিল। এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in