অসম-মেঘালয় সীমান্ত পি চি আৰ বস্তিত এখন ট্ৰাকসহ বহু মূল্যৱান কাঠৰ কুণ্ডা জব্দ…

অসম-মেঘালয় সীমান্ত পি চি আৰ বস্তিত এখন ট্ৰাকসহ বহু মূল্যৱান কাঠৰ কুণ্ডা জব্দ…

ডিজিটেল সংবাদ,হামৰেণ :অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ পিচিআৰ বস্তিত কুণ্ডা ভৰ্ত্তি ট্ৰাক জব্দ । চুবুৰীয়া ৰাজ্য মেঘালয়ে আগ্ৰাসনৰ সমান্তৰালকৈ অব্যাহত ৰাখিছে অবৈধ বন ধ্বংস ৷ দুই ৰাজ্যৰ মাজত এক সীমা বিবাদ অব্যাহত থকাৰ লগতে মুকৈৰাম উপ-আৰক্ষী চকীৰ অন্তৰ্গৰ পিচিআৰ বস্তিত সঘনে কুণ্ডাসহ ট্ৰাক জব্দ কৰা কাৰ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক ৷

এনে সময়তে এক গোপন সূত্ৰৰ পম খেদি মুকৈৰাম উপ-আৰক্ষী চকীৰ চকভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইচাহাক আলিৰ নেতৃত্বত যোৱা এটি সজাতি দলে পিচিআৰ বস্তিৰ পৰা বহু পৰিমাণৰ চেহাৰো আৰু শাল কাঠৰ কুণ্ডা সহ মেঘালয় পঞ্জীয়নভুক্ত ML04 6279 নম্বৰৰ শক্তিমান ট্ৰাক জব্দ কৰে ৷

যদিও চালক হেণ্ডিমেনে ট্ৰাকখন এৰি পলায়ন কৰে। জব্দ কৰা কুণ্ডা খিনি বজাৰ মূল্য অনুমানিক তিনিলক্ষাধিক হ'ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে | উল্লেখযোগ্য যে সীমান্তৰ্ৱী অঞ্চলটোত দীৰ্ঘদিনৰ ধৰি অব্যাহত আছে মেঘালয়ৰ বন ধ্বংস,কুণ্ডা সৰবৰাহৰ অবৈধ কাৰ্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in