অসম-মেঘালয় সীমান্তত ভয়াৱহ অগ্নিকাণ্ড, ১৫ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি…

অসম-মেঘালয় সীমান্তত ভয়াৱহ অগ্নিকাণ্ড, ১৫ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি…

ডিজিটেল সংবাদ, দক্ষিণ শালমৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী চাটিভূই বজাৰত আজি পুৱতি নিশা এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ তিনি খনকৈ মটৰ চাইকেল সহ দুখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ প্ৰায় ১৫ লাখ টকাৰ বিস্তৰ ক্ষতি সাধন হয়।

উল্লেখযোগ্য যে, সোমবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত অসম-মেঘালয় সীমান্তৱৰ্তী চাটিভূই বজাৰত হঠাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জহিৰুল ইছলাম আৰু আছমত আলী নামৰ ব্যৱসায়ী দুজনে বজাৰখনত প্ৰায় ১০-১২ বছৰ ধৰি মটৰ চাইকেল মেৰামটিৰ গ্ৰেছ আৰু পাৰ্চৰ দোকান খুলি ব্যৱসায় কৰি আহিছে। কিন্তু হঠাত ৰহস্যজনক ভাবে পুৱতি নিশা দোকান দুখনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ দোকানৰ ভিতৰত থকা সকলো সামগ্ৰী ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ থকাৰ সময়ত বজাৰখনত থকা আন একাংশ ব্যৱসায়ীয়ে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰোবাধা আৰক্ষীক খবৰ দিয়াৰ লগতে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত গাৰোবাধা আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহীনি উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

মন কৰিবলগীয়া বিষয়া এয়া যে, জহিৰুল ইছলাম নামৰ ব্যৱসায়ী জনে জানিবলৈ দিয়া মতে তেওঁৰ দোকানত তিনিখনকৈ মটৰ চাইকেল, মটৰ চাইকেলৰ মেৰামতিৰ বাবে বিভিন্ন ধৰনৰ নতুন পাৰ্চ সহ যাৱতীয় সকলো সামগ্ৰী ভূস্মীভূত হৈ প্ৰায় ১২ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন হৈছে। একেদৰে আছমত আলীৰো প্ৰায় তিনি লাখ টকাৰ ক্ষতি সাধন হৈছে। মেঘালয়ৰ অগ্নি নিৰ্বাপক বাহিনী সময়মতে উপস্থিত নহ'লে বজাৰখনত আন এক ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হ'লহেতেন। ইফালে অগ্নি কাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈ উদ্ধাৰ হোৱা নাই যদিও দূৰ্বৃত্তই অগ্নি সংযোগ কৰি দিয়া বুলি ধাৰণা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in