অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ

অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ  জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ

ডিজিটেল সংবাদ, দক্ষিণ শালমৰাঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী থানা এলেকাৰ ৰাজপুৰত বৃহস্পতিবাৰে বিয়লি প্ৰায় তিনি বজাত এগৰাকী মহিলাৰ মৃতদেহ জিঞ্জিৰাম নদীত উদ্ধাৰ হোৱাৰ পাছত মহিলা গৰাকীক স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ কৰিছে পৰিয়াল তথা স্থানীয় ৰাইজে। উল্লেখযোগ্য যে, অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ ৰাজপুৰ-তেলিপাৰা গাঁৱৰ বাসিন্ধা মমিনুৰ ইছলামৰ পত্নী নাৰজিনা বেগম (২৭) ৰ অৰ্ধ গলিত মৃতদেহ বৃহস্পতিবাৰে বিয়লিৰ ভাগত জিঞ্জিৰাম নদীৰ ওপৰত ওপঙি উঠা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে।

এই বাতৰি চৌদিশে বিয়পি পৰাত স্থানীয় ৰাইজে ভিৰ কৰি মহিলা গৰাকীক চিনাক্ত কৰাৰ পাছত স্বামীয়ে হত্যা কৰি নদীত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰে। ইফালে ঘটনাক লৈ ৰাইজে আৰক্ষীক খবৰ দিয়াত ফুলবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা হাতত লোৱা বুলি জনা গৈছে।

মহিলা গৰাকীৰ পৰিয়ালে অভিযোগ কৰা মতে দীৰ্ঘদিনৰ পৰা স্বামীৰ সৈতে পৰিয়াল কেন্দ্ৰীক সংঘাত চলি আছিল। হঠাত দুই তিনি দিনৰ পৰা যোগাযোগ নোহোৱাক লৈ মহিলা গৰাকীৰ পৰিয়ালৰ মাজত সন্দেহ উপজিছিল যদিও স্বামীয়ে চতুৰালীৰে পিতৃ পৰিয়ালক ফাকি দি অহাৰ অভিযোগ উঠিছে। অৱশেষত বৃহস্পতিবাৰে এইদৰে নদীত অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত স্বামী তখা স্বামীৰ পৰিয়ালে পলায়ন কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in