অসম-মেঘালয় সীমান্তত বিধায়িকা নন্দিতা দাস, সীমা-বিবাদ সমাধানৰ দাবী চৰকাৰক…

অসম-মেঘালয় সীমান্তত বিধায়িকা নন্দিতা দাস, সীমা-বিবাদ সমাধানৰ দাবী চৰকাৰক…

ডিজিটেল সংবাদ, বকো : অসম-মেঘালয় সীমান্তত শুকুৰবাৰে উপস্থিত হয় বকোৰ বিধায়িকা নন্দিতা দাস।কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ বাহিৰত থকা শালবাৰীগাঁৱত বকো ৰাজহ চক্ৰ বিষয়া ৰাজ বৰুৱা সহ বিভিন্ন সমাজ-সংগঠনৰ নেতা-কৰ্মীক লগত লৈ অসম বিদ্বেষীৰ লোকে অসমৰ লোকক কৰা অত্যাচাৰৰ বুজ লয়।

যোৱা ৭ মাৰ্চৰ নিশা শালবাৰীগাঁৱৰ জছপিত এ মাৰাক নামৰ লোকগৰাকীৰ ঘৰৰ বাৰীত সোমাই অসম বিদ্বেষী দল এটাই গছ-গছনি কাটি তহিলং কৰাৰ লগতে ফটকা ফুটাই আতংকৰ সৃষ্টি কৰিছিল । আনকি লোকগৰাকীৰ ঘৰত থকা সমবায় দোকানৰ কেৰাচিন পৰ্যন্ত পথত পেলাই দি গুছি যায় ।

বিধায়িকা নন্দিতা দাসে লোক গৰাকীৰ ঘৰত খা-খবৰ লৈ পিচত শালবাৰীগাঁৱৰ ৰাজহুৱা সভা এখনত অংশ গ্ৰহণ কৰে । সভাখনৰ যোগেদি চৰকাৰৰ ওচৰত বিধায়িকা গৰাকীয়ে শীঘ্ৰে সীমাবিবাদ সমাধান কৰি সীমান্তত বাসবাস কৰা ৰাইজৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in