নিজামুদ্দিনলৈ নোযোৱাকৈ অসমৰ কাৰ দেহত ওলাল কোৰোনা ভাইৰাছ

নিজামুদ্দিনলৈ নোযোৱাকৈ অসমৰ কাৰ দেহত ওলাল কোৰোনা ভাইৰাছ

ডিজিটেল ডেস্কঃ অসমত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইছে। ভাৰতৰ আন কেবাখনো ৰাজ্যৰ তুলনাত অসমত দ্ৰুতহাৰত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৫দিন পূৰ্বলৈকে এজনো কোৰোনাত আক্ৰান্ত লোক নথকা অসমত ৫ দিনতে ২৪ গৰাকী লোকৰ আক্ৰান্ত হ'ল এই মহামাৰীত। প্ৰতিপলে সলনি হৈছে অসমত কোৰোনা ভাইৰাছৰ আক্ৰান্তৰ খবৰ। ইয়াৰ মাজতে আহিছে সমগ্ৰ অসমবাসীক জোকাৰি যাব পৰা এটা খবৰ। এই ডাঙৰ খবৰটো প্ৰকাশ পাইছে খোদ চৰকাৰী তথ্যতে।

কিছু সময় পূৰ্বলৈকে সমগ্ৰ অসমবাসীৰ মনত কোৰোনা ভাইৰাছত অসমত আক্ৰান্ত হোৱা লোকসকলৰ সন্দৰ্ভত থকা সমগ্ৰ ধাৰণাকে সলনি কৰি দিছে এগৰাকী কোৰোনাত আক্ৰান্ত লোকে। অসমত শুকুৰবাৰৰ বিয়লিলৈকে কোৰোনাত আক্ৰান্ত প্ৰতিগৰাকী লোকেই গৈছিল নিজামুদ্দিন মাৰ্কাজলৈ। ঠিক তেনেদৰে শুকুৰবাৰে নিশা আক্ৰান্তৰ খবৰ পোহৰলৈ অহা ৪ গৰাকী লোকৰ ৩ জন নিজামুদ্দিনৰ সৈতে জড়িত। তাৰ মাজতে এনে এজন লোক কোৰোনাত আক্ৰান্ত হৈছে যিজন লোক নিজামুদ্দিনৰ মাৰ্কাজলৈ যোৱা নাছিল। অথবা লোকজন নিজামু্দ্দিন মাৰ্কাজৰ সৈতে কোনো ফালৰে পৰা জড়িত নহয়।

এই লোকজন মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ। তেওঁ কিছুদিন পূ্ৰ্বে দিল্লীৰ পৰা উভতি আহিছিল। লোকজন এজন বিশিষ্ট ব্যৱসায়ী বুলি জানিব পৰা গৈছে। দিল্লীৰ পৰা ঘূৰি অহা লোকজন হঠাৎ কোৰোনাৰে আক্ৰান্ত বুলি খবৰ প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ গুৱাহাটী মহানগৰীতে চাঞ্চল্যৰ সৃষ্টি হৈছে। লগতে ব্যক্তিগৰাকী নিজামুদ্দিন মাৰ্কাজলৈ নোযোৱাকৈয়ে কেনেদৰে কোৰোনাত আক্ৰান্ত হ'ল তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ।

ইফালে এতিয়ালৈকে কোৰোনাত গোলাঘাটৰ ৯ গৰাকী, গোৱালপাৰাৰ ৩ গৰাকী, নলবাৰীৰ ৪ গৰাকী, মৰিগাঁৱৰ ৪ গৰাকী, কামৰূপৰ এগৰাকী, মানকাচৰৰ এগৰাকী, কৰিমগঞ্জৰ এগৰাকী লোক আক্ৰান্ত হৈছে। ইয়াৰে সকলো লোক জড়িত আছিল নিজামুদ্দিন মাৰ্কাজৰ সৈতে। তাৰ মাজতে কেৱল এগৰাকী লোকহে চিনাক্ত হৈছে যিজন লোক নিজামুদ্দিন মাৰ্কাজলৈ যোৱা নাছিল। অৱশ্যে লোকজন দিল্লীৰ পৰা অহাৰ বাবে যাত্ৰাপথত কোনো কোৰোনাত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহা বুলি ধাৰণা কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in