ৰাজ্যৰ দীৰ্ঘতম উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে…

ৰাজ্যৰ দীৰ্ঘতম উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে…

ডিজিটেল ডেস্কঃ দেওবাৰে ৰাজ্যৰ দীৰ্ঘতম উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে এই উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কাৰ্যৰ। এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু বিশিষ্ট লোক।

উল্লেখ্য যে, মালিগাঁও-কামাখ্যাগেট, পাণ্ডু সংযোগী হ'ব এই 'Y' আকৃতিৰ সেঁতুখন। মুঠ ৪২০.৭৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব ৰাজ্যৰ দীৰ্ঘতম সেঁতুখন। এই ফ্লাইঅভাৰখনৰ দৈৰ্ঘ্য হ'ব ২৯৯২ মিটাৰ। আৰু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'বলৈ ৩৬ মাহ সময় ধাৰ্য কৰা হৈছে। তদুপৰি এই সেঁতুখন হ'ব চাৰিলেনযুক্ত ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in