অসমৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ পেনেলত কোন কোন সাংসদ…

অসমৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ পেনেলত কোন কোন সাংসদ…

ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে লোকসভাৰ অধ্যক্ষই ১৫জন সাংসদক পুনৰ নিৰ্ধাৰণ আয়োগৰ সহযোগী সদস্য হিচাপে মনোনীত কৰিছে। এই নিৰ্বাচিত সাংসদ কেইগৰাকী হ'ল- জম্মু-কাশ্মীৰ, অসম, মণিপুৰ, নগালেণ্ড আৰু অৰুণাচল।

এই কেইখন ৰাজ্যৰ বিধানসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে গঠন কৰা আয়োগৰ তেওঁলোক হ'ব সহযোগী সদস্য। যি পুনৰ নিৰ্ধাৰণ আয়োগক সহযোগ কৰিব। এই কমিটীত আছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু জীতেন্দ্ৰ সিঙো।

সাংসদ আৰু ৰাজ্যসমূহৰ বিধানসভাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগক সহযোগ কৰিব। ২৬ মে'ত লোকসভাৰ বুলেটিনত এই কথা প্ৰকাশ কৰা হৈছে। অসমৰ পৰা এই পুনৰ নিৰ্ধাৰণ আয়োগৰ সহযোগী সদস্য হিচাপে থাকিব সাংসদ পল্লৱ লোচন দাস, আব্দুল খালেক, ৰাজদ্বীপ ৰয়, দিলীপ শইকীয়া আৰু নৱ কুমাৰ শৰণীয়া।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে ৬ মাৰ্চতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ আয়োগ গঠন কৰিছিল। যিখন আয়োগৰ নেতৃত্বত আছ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জন প্ৰকাশ দেশাই। জম্মু আৰু কাশ্মীৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ চাৰি ৰাজ্যত অসম, অৰুণাচলপ্ৰদেশ, মণিপুৰ আৰু নগালেণ্ডৰ বিধানসভাৰ সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰিব এই আয়োগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in