১২ জুলাইৰ পৰা বাজেট অধিবেশনঃ চাওক অধিবেশনৰ কাৰ্যসূচী

১২ জুলাইৰ পৰা বাজেট অধিবেশনঃ চাওক অধিবেশনৰ কাৰ্যসূচী

ডিজিটেল ডেস্কঃ আগন্তুক ১২ জুলাইৰ পৰা ১৩ আগষ্টলৈ অনুষ্ঠিত হ'ব পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিবেশন। ১২ জুলাইৰ অধিবেশনৰ প্ৰথম দিনটোত অধ্যক্ষই বিধানসভাৰ ২০২১ বৰ্ষৰ বাজেট অধিৱেশন ৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰিব।

ইয়াৰ পাছতেই অধ্যক্ষই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মৱলীৰ ৯(১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা কৰিব। একেটা দিনটেই অন্যান্য কাৰ্যসূচীৰ লগতে চৰকাৰী বিধেয়কসমূহ উপস্থাপন আৰু ২০২১-২২ বৰ্ষৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনসমূহৰ তালিকা উপস্থাপন কৰা হ'ব।

আনহাতে ১৩ জুলাইত বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী, ১৪,১৫ জুলাইত অধিবেশনৰ চৰকাৰী কাৰ্যসূচীসমূহ অনুষ্ঠিত হ'ব। ১৬ জুলাইত ২০২১-২২ বৰ্ষৰ বিত্তীয় প্ৰতিবেদন (প্ৰাককলিত বাজেট) উপস্থাপন কৰা হ'ব।

অধিবেশনৰ সময়ছোৱাত বন্ধ দিনসমূহৰ উপৰিও ২২ জুলাইৰ পৰা ৩ আগষ্টলৈকে বিভাগীয়ভাৱে সম্পৰ্কিত স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে জিৰণি থাকিব।

৬ আগষ্টত ২০২১ বৰ্ষৰ অসম বিনিয়োজন (নং) বিধেয়েকখনৰ উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ হ'ব। আনহাতে বিধানসভাৰ অন্য দিনসমূহত চৰকাৰী আৰু বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী চলি থাকিব। ১২ আগষ্টত হ'ব অধ্যক্ষৰ উদ্যোগৰ কাৰ্যসূচী।

আনহাতে অধিবেশনৰ অন্তিম দিনটোত ১৩ আগষ্ট তাৰিখে চৰকাৰী বিধেয়কসমূহ বিবেচনা, পাৰিতকৰণ আৰু অন্যান্য অসমাপ্ত চৰকাৰী কাৰ্যসূচী ৰ পাছত অধ্যক্ষই অনিৰ্দিষ্ট কালৰ বাবে অধিবেশন স্থগিত ঘোষণা কৰিব আৰু বাজেট অধিবেশন সমাপ্ত হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in