ঢকুৱাখনাত শ্ৰমিক দিৱস পালন…

ঢকুৱাখনাত শ্ৰমিক দিৱস পালন…

ডিজিটেল সংবাদ ঢকুৱাখনা:  সমগ্ৰ ৰাজ্যখনৰ লগতে ঢকুৱাখনাতো দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস (মে' দিৱস) উদযাপন কৰা হয় । ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ঢকুৱাখনাৰ  উদ্যোগত ঢকুৱাখনা নগৰৰ বেচৰকাৰী বাছ আস্থান প্ৰাংগণত শ্ৰমিক দিৱসৰ পতাকা উত্তোলন কৰে ঢকুৱাখনা নগৰৰ ঠাকুৰ সন্থাৰ সভাপতি পাপু দত্তই ।

দৈনিক বজাৰ মীন ব্যৱসায়ী সন্থাৰ সম্পাদক পীতাম্বৰ দাসে শ্বহীদ তৰ্পণ কৰা শ্ৰমিক দিৱসৰ  দুপৰীয়া অনুষ্ঠিত মুকলি সভাৰ সভাপতিত্ব কৰে কৃষক নেতা পূৰ্ণানন্দ ফুকন আৰু গুণ ফুকনে। আন্তৰ্জাতিক মে' দিৱসৰ উদযাপন সমিতিৰ সভাপতি টংকেশ্বৰ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তা  হিচাপে লক্ষী নাথ সোণোৱাল, দয়াৰাম গগৈ, গহীন চুতীয়া আৰু গোপাল গগৈয়ে মে' দিৱসৰ তাৎপৰ্য  আৰু প্ৰাসংগিকতা সন্দৰ্ভত বিস্তৃত অবলোকণ কৰে ।

সাম্প্ৰতিক সময়ত কৃষক শ্ৰমিক সকলৰ জীৱন-জীৱিকাৰ প্ৰতি শাসক পক্ষই গ্ৰহণ কৰি চৰম অবিচাৰ আৰু জীৱন নিৰ্বাহৰ প্ৰতি মাতি অনা ভয়ংকৰ ভাবুকি সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য দাঙি ধৰি  শ্ৰমিক কৃষক তথা কৰ্মজীৱী ৰাইজ সংগঠন একত্ৰিত হৈ গণতান্ত্ৰিক সংগ্ৰামৰ জৰিয়তে স্বাধীকাৰ আদায় কৰাত ব্ৰতী হোৱাৰ সময় সমাগত বুলি কয়।

জনাকীৰ্ণ মুকলি সভাত আশা কৰ্মী সন্থাৰ তৰফৰ পৰা দীপালি দাস আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ তৰফৰ পৰা প্ৰতিভা ফুকনেও চমু বক্তব্য আগবঢ়াই। বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল হৈ পৰা মে' দিৱসৰ কাৰ্যসূচীত নগৰৰ খাটিখোৱা নাগৰিক সমাজেও স্বতঃস্ফূৰ্ত ভাবে অংশগ্ৰহণ কৰি দিৱসৰ দিনজোৰা কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in