কবি ৰূপম হাজৰিকালৈ অসম কাব্যজ্যোতি বঁটা ২০২০…

কবি ৰূপম হাজৰিকালৈ অসম কাব্যজ্যোতি বঁটা ২০২০…

ডিজিটেল সংবাদ, চেঙা : সাহিত্য-সামাজিক-সাংস্কৃতিক কেন্দ্ৰ "কৃষ্টিপথাৰে" বিগত বছৰৰ দৰে এইবেলিও "কৃষ্টি এৱাৰ্ডচ-২০২০" অনুষ্ঠানৰ আয়োজন কৰিছে। এইবেলি "অসম কাব্যজ্যোতি বঁটা-২০২০"ৰ বাবে নিৰ্বাচিত হৈছে ৰাজ্যখনৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী, অসমৰ দৰং জিলাৰ সমন্বয়ক, নিষ্ঠাবান আৰক্ষী বিষয়া তথা লব্ধপ্ৰতিষ্ঠ কবি ৰূপম হাজৰিকা ।

বৰ্তমান কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাত কৰ্মৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাই ২০০৮ চনৰ পৰা তিনিচুকীয়াৰ উপৰিও বৰপেটা জিলাৰ সৰ্থেবাৰী , কামৰূপ জিলাৰ ছয়গাঁওকে আদি কৰি কেইবাখনো আৰক্ষী থানাত দক্ষতাৰে প্ৰশাসনিক কাম-কাজ চলোৱাৰ লগতে নিয়মিতভাৱে কাব্য চৰ্চা কৰি আহিছে । ছাত্ৰ অৱস্থাৰ পৰাই কাব্য চৰ্চা কৰি অহা তীব্ৰ অনুভূতি সম্পন্ন কবি ৰূপম হাজৰিকাৰ কবিতাকে ধৰি অন্যান্য লেখা অসমৰ আগশাৰীৰ বাতৰি কাকত, বিভিন্ন আলোচনী -পত্ৰিকাত সময়ে সময়ে প্ৰকাশ পাই আহিছে।

কবিতাৰ মাজেৰেই সততে জীৱনটোক ন-কৈ জুকিয়াই চাবলৈ বিচৰা ছিপাঝাৰৰ ভুক্তাবাৰীৰ কবি ৰূপম হাজৰিকা 'অসম কাব্যজ্যোতি-২০২০' বঁটাৰ বাবে নিৰ্বাচিত হোৱাত আনন্দিত হৈছে তেখেতৰ অনুৰাগীসকল । ৰূপম হাজৰিকালৈ আগবঢ়োৱা এই সন্মানৰ বাবে বিৰিণা গোষ্ঠীৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আগতীয়াকৈ অভিনন্দন জ্ঞাপন কৰিছে । অহা ৬ ডিচেম্বৰত বৰপেটা জিলাৰ বৰপেটাৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিতব্য এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব ।

উল্লেখ্য যে, কৃষ্টিপথাৰৰ দ্বাৰা অসম ভিত্তিত আয়োজিত কবিতা প্ৰতিযোগিতাৰ বিজয়ী সকলকো কৃষ্টি এৱাৰ্ডচ অনুষ্ঠানত পুৰস্কৃত কৰিব বুলি জানিবলৈ দিয়ে কৃষ্টিপথাৰৰ প্ৰধান সম্পাদক মহানন্দ সৰকাৰ দত্তই । লক্ষণীয়ভাৱে কবিতা প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিছে বিৰিণা গোষ্ঠী অসমৰ বিশেষ প্ৰতিনিধি বোকাখাতৰ পপী শইকীয়া আৰু নলবাৰী জিলাৰ ধমধমাৰ জেচমিন হুছেইনে । আটাইকেইগৰাকী কবিলৈ বিৰিণা গোষ্ঠীৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছে গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠক আৰু সম্পাদক তফিকুৰ ৰহমানে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in