গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্ত্তি দাহঃ সীমান্তৰ পৰস্থিতিৰ সন্দৰ্ভত অ.জা.যু.পৰ ৫ টা বিশেষ দাবী

গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্ত্তি দাহঃ সীমান্তৰ পৰস্থিতিৰ সন্দৰ্ভত অ.জা.যু.পৰ ৫ টা বিশেষ দাবী

ডিজিটেল ডেস্কঃ অসম-মিজোৰাম সীমান্তৰ ঘটনাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্ত্তি দাহ কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। ২৬ জুলাইৰ ২০২১ত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজোৰাম আৰক্ষীৰ প্ৰত্যক্ষ সহযোগত অসম আৰক্ষীৰ ওপৰত যি বৰ্বৰ আৰু অমানৱীয় ঘটনা সংগঠিত কৰা হ'ল সেই ঘটনাৰ লগতে অসমৰ সীমামূৰীয়া ৰাজ্য সমূহৰ লগত থকা বহুদিনীয়া আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানত অনীহা প্ৰকাশ কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।

সংগঠনটোৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাৱৰ সমীপত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তী দাহ কৰে আৰু কেইবাটাও দাবী উত্থাপন কৰে। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৱে মুঠ ৫ টা দাবী উত্থাপন কৰিছে।

অসমৰ সীমামূৰীয়া ৰাজ্য সমূহৰ লগত থকা বহুদিনীয়া সীমা সমস্যা অতি সোনকালে নিস্পতি কৰা, নিজৰ মাতৃভূমিৰ ভূমি ৰক্ষাৰ্থে সীমান্ত অঞ্চলত নিয়োজিত হৈ থকা প্ৰতিজন অসম আৰক্ষী জোৱানৰ নিৰাপত্তা সুনিশ্চিত কৰা, সীমান্ত অঞ্চলত বাস কৰা প্ৰতিজন খিলঞ্জীয়া অসমীয়াৰ জীৱনৰ লগতে তেওঁলোকৰ বাসস্থানক সুৰক্ষা প্ৰদান কৰা, অসমৰ সীমান্তৰ প্ৰতিখন আৰক্ষী চকীৰ সমস্যা দূৰ কৰাৰ লগতে পৰ্যাপ্ত সুবিধা প্ৰদান, আধুনিকীকৰণ কৰা আৰু অসম আৰক্ষীৰ জোৱানক হত্যা কৰা প্ৰতিজনক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী কৰিছে।

সংগঠনটোৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ মজুমদাৰৰ নেতৃত্বত ৰূপায়ন হোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ ৰায় চৌধুৰী, কামৰূপ মহানগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দীনমনি ভূঞা, উপ সভাপতি জিতুমনি পাটগিৰিকে ধৰি বিভিন্নজন বিষয়ববীয়া উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in