নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকৰ প্ৰতিবাদ, VIDEO

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকৰ প্ৰতিবাদ, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। এইবাৰ প্ৰতিবাদত বহিল অসম জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকল। সকলোৱে 'কা' বাতিলৰ দাবী তোলে। শনিবাৰে বিদ্যালয়খনৰ কেবাগৰাকী অভিভাৱক-অভিভাৱিকা আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

ছহিদৰ কেঁচা তেজৰ বিনিময়ত স্বাক্ষৰ হোৱা অসম চুক্তি কাৰ্যকৰী কৰাৰ বিপৰীতে 'কা' জাপি দিয়া কাৰ্য মানি নোলোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। লগতে কয়, বিজেপিয়ে ভাৰতীয় সংবিধান অমান্য কৰিছে।

অসমৰ বুকুত বিদেশীৰ বোজা জাপি দিলে কোনো অসমীয়াই গ্ৰহণ নকৰে বুলি হুংকাৰ দি তেওঁলোকে কয়, এতিয়া প্ৰতিবাদ কৰিলে জে'লত ভৰাই থোৱা হয়। শৃংখল চলিহা, অখিল গগৈ আৰু জীতেন দত্ত তাৰেই উদাহৰণ।

প্ৰতিবাদকাৰী অভিভাৱক-অভিভাৱিকা তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে বিভিন্ন শ্লোগান সম্বলিত প্লে' কাৰ্ড লৈ চৰকাৰক ৰাইজৰ সৈতে অৱস্থান কৰি 'কা' বাতিল কৰাৰ দাবী তোলে। তেওঁলোকে কয় যে, খিলঞ্জীয়া অসমীয়াৰ বাবে অসমত ঠাই নোহোৱা হৈছে। আকৌ বিজেপিয়ে বিদেশী আনি জাপি দিলে কেনেকৈ গ্ৰহণ কৰিম। অসমীয়া কৃষ্টি-সংস্কৃতি ধ্বংস কৰিবলৈ দিয়া নহ'ব।

পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত কবিতাও পাঠ কৰে কেবাগৰাকী অভিভাৱক-অভিভাৱিকাই। কবিতাৰে প্ৰতিবাদ কৰি তেওঁলোকে চৰকাৰক 'কা' বাতিল কৰিবলৈ দাবী জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in