চৰকাৰী চেন্টাৰেই নহয়, অসমত হোম কোৱাৰেন্টাইনতো আছে ৭৪ হাজাৰ লোকঃ তথাপি ধৰা পৰা নাই মনীষ তিবৰেৱালৰ সংক্ৰমণৰ উৎস…

চৰকাৰী চেন্টাৰেই নহয়, অসমত হোম কোৱাৰেন্টাইনতো আছে ৭৪ হাজাৰ লোকঃ  তথাপি ধৰা পৰা নাই মনীষ তিবৰেৱালৰ সংক্ৰমণৰ উৎস…

ডিজিটেল ডেস্কঃ ৰাজ্যত প্ৰায় ৭৪ হাজাৰ লোক আছে হোম কোৱাৰেন্টাইনত। এই কথা সোমবাৰে প্ৰথমবাৰৰ বাবে সদৰি কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। গুৱহাটীৰ একমাত্ৰ কোৰোনা ভাইৰাছত আক্ৰান্ত মনীষ তিবৰেৱালে বাস কৰা স্পেনিছ গাৰ্ডেন নামৰ অভিজাত এপাৰ্টমেন্টটোৰ সাম্প্ৰতিক পৰিস্থিতি স্বচক্ষে প্ৰত্যক্ষ কৰাৰ বাবে ইয়াত উপস্থিত হোৱাৰ পিছত অনুষ্ঠিত এক সংবাদমেলত তেওঁ এই কথা সদৰি কৰি কয় যে, হোম কোৱাৰেন্টাইনত থকা এইসকল লোকৰ অধিকাংশৰে ১৪ দিনীয়া ম্যাদ ৯ এপ্ৰিলত সম্পূৰ্ণ হ'ব। তেওঁ লগতে কয়, উক্ত দিনা তেওঁলোকৰ পুনৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হ'ব।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰে নিৰ্মাণ কৰা কোৱাৰেন্টাইন চেন্টাৰতো আছে বহু হাজাৰ লোক। বহিঃৰাজ্যত কৰ্মসূত্ৰে থকাএই লোকসকলৰে অধিকাংশ লকডাউন আৰম্ভ হোৱাৰ প্ৰাকক্ষণত ৰে'লযোগে ঘূৰি অহাৰ পিছত প্ৰশাসনে সমূহীয়া পৰ্যবেক্ষনৰ সুবিধা হোৱাকৈ এনেদৰে কোৱাৰেন্টাইন চেন্টাৰত চিকিৎসকৰ নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰিছিল।

এই লোকসকলৰ বাহিৰেও গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন নগৰ-চহৰৰ পৰা গৈ বিদেশৰ অধ্যয়ন অথবা কৰ্মস্থলীৰ লগতে দেশৰো কোৰোনা আক্ৰান্ত ৰাজ্যত বসবাস কৰি অথবা ভ্ৰমণ কৰি কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে ৰাজ্যখনলৈ ঘূৰি আহিছিল বহু মেধাৱী শিক্ষাৰ্থী, বিষয়া-ব্যৱসায়ী তথা আন সাধাৰণ শ্ৰেণীৰ লোক। এই লোকসকলৰ বিমানবন্দৰ অথবা ৰেল ষ্টেচনত প্ৰাৰম্ভিক স্বাস্থ্যপৰীক্ষা সম্পন্ন কৰাৰ পিছত ৭০ সহস্ৰাধিক লোকক চিকিৎসকে বাসভৱনতে আছুতীয়াকৈ ১৪ দিন পাৰ কৰাৰ পৰামৰ্শ দিয়ে।

পৰৱৰ্তী সময়ত ইয়াৰে এটা বৃহৎ অংশৰ প্ৰাথমিক কোৰোনা পৰীক্ষাও সম্পন্ন কৰাত তেওঁলোকৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰা নাছিল যদিও চিকিৎসকে তেওঁলোককো ১৪ দিনীয়া হোম কোৰাৱেন্টাইনৰ চৰ্ত পালন কৰি নিজৰ ঘৰতে আছুতীয়াকৈ থকাৰ নিৰ্দেশনা দিয়া হয়। অৱশ্যে এই সংখ্যা যে ইমান বৃহৎ সেই কথা প্ৰথমবাৰলৈ সোমবাৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। সৰ্বসাধাৰণ ৰাইজ অনাহকতে শংকিত হোৱাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই সম্ভৱত চৰকাৰে এই কথা প্ৰকাশ কৰা নাছিল। কিন্তু জনস্বাৰ্থৰ খাতিৰতে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ এক প্ৰতিবেদনত তিনিদিনৰ পূৰ্বেই গুৱাহাটীৰ সহস্ৰাধিক এপাৰ্টমেন্টত সংগোপনে হোম কোৱাৰেন্টাইনত থকা বৃহৎ সংখ্যক লোকৰ ওপৰত স্বাস্থ্য বিভাগে নজৰ নাৰাখিলে যে তাৰ মাজতেই কোনোবা কোৰোনাত আক্ৰান্ত হৈ বিপদ ঘটাব পাৰে তাৰ একা আভাসো দিয়া হৈছিল।

প্ৰতিবেদনখনত এই কথাও কোৱা হৈছিল যে, বহু আৱাসিক এলেকাত বিদেশ ভ্ৰমি অহা এনে একাংশ লোকো আছে যাৰ তথ্য চৰকাৰৰ হাতত এতিয়ালৈ পৰাগৈ নাই। আনহাতে তেওঁলোকে হোম কোৱাৰেন্টাইনৰ চৰ্তও সম্পূৰ্ণৰূপে মানি চলা নাই। মন্ত্ৰীগৰাকীৰ সোমবাৰৰ বক্তব্যই ছবিখন প্ৰায় স্পষ্ট কৰি দিলে যদিও তেওঁ দিয়া হিচাপৰো অধিক সংখ্যক লোক যে গাঁৱে-ভূঞে, নগৰে-চহৰে এতিয়াও পৰ্যবেক্ষণ অবিহনেই আছে, সেই কথাও স্পষ্ট।

তাৎপৰ্যপূৰ্ণ যে, মনীষ তিবৰেৱালৰ দেহলৈ দিল্লীত কোৰোনা ভাইৰাছৰ সংক্ৰমণ হোৱা নাছিল বুলি খোদ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰাৰ পিছত স্বাভাৱিকতেই এই কথাও স্পষ্ট হয় যে, গুৱাহাটীত স্বাস্থ্য পৰীক্ষা বা প্ৰশাসনৰ দৃষ্টিলৈ নহাকৈয়ে কৰবাত কোৰোনা আক্ৰান্ত এনে লোক আছিল, যাৰ পৰাই ব্যৱসায়ীগৰাকীলৈ ইয়াৰ সংক্ৰমণ ঘটিছিল। চৰকাৰী পৰীক্ষা নিৰীক্ষা অথবা পৰ্যবেক্ষণে এতিয়াও পিছে সেই উৎস উদঘাটন কৰিব পৰা নাই। হয়তো ৯ এপ্ৰিলত পুনৰ পৰীক্ষা হব লগা ৭০ হাজাৰ লোকৰ মাজৰ কাৰোবাৰ দেহতো ইয়াৰ অৱস্থিতি ধৰা পৰিব পাৰে নতুবা এতিয়াও পৰ্যবেক্ষণৰ বাহিৰত থাকি ঘূৰা ফিৰা কৰি থকা গুৱাহাটীৰে কোনো কোৰোনা পৰিবাহী লোক এতিয়াও স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ জৰীপৰ বাহিৰত আছে। অৱশ্যে ঢাপে ঢাপে স্বাস্থ্য বিভাগে কোৰোনাৰ উৎস সন্দৰ্ভত চলোৱা কম্বিং অভিযানে অতি সোনকালেই যে এইসকলকো সামৰিবলৈ সক্ষণ হ'ব তেনে এক লক্ষণ মন্ত্ৰীগৰাকীৰ কথা-বতৰাৰ পৰাই ধৰিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in