বৃদ্ধি নহয় দৰমহা, নাই সুবিধাঃ নবীকৰণৰ বাবে আকৌ উৎকোচ দিব লাগে ৩ হাজাৰ! আত্মজাহৰ হুংকাৰ গৃহৰক্ষী বাহিনীৰ জোৱানৰ…

বৃদ্ধি নহয় দৰমহা, নাই সুবিধাঃ নবীকৰণৰ বাবে আকৌ উৎকোচ দিব লাগে ৩ হাজাৰ! আত্মজাহৰ হুংকাৰ গৃহৰক্ষী বাহিনীৰ জোৱানৰ…

ডিজিটেল সংবাদ ছয়দুৱাৰঃ পৰিয়াল ভৰণ-পোষণৰ তাগিদাত ৰ'দ-বৰষুণ, দিন-ৰাতি একাকাৰ কৰি দৈনিক মাত্ৰ তিনিশ টকাৰ মাননীৰে নিৰাপত্তাজনিত সেৱা আগবঢ়াই অহা অসম গৃহৰক্ষী বাহিনীৰ একাংশ জোৱানে সংশ্লিষ্ট বিভাগৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে অৱশেষত ক্ষোভ উজাৰিবলৈ বাধ্য হ'ল গহপুৰত।এইক্ষেত্ৰত অসম ৰাজ্যিক গৃহৰক্ষী বাহিনীৰ উপ-সভাপতি মোহন চন্দ্ৰ বৰা,বিশ্বনাথ জিলা গৃহৰক্ষী সন্থাৰ উপদেষ্টা সুশান্ত ভূঞা, কাৰ্য্যকৰী সভাপতি দীপক শইকীয়া, সভাপতি মানস জ্যোতি মহন্ত,সাংগঠনিক সম্পাদক নিপেন বৰাৰ নেতৃত্বত অৰ্ধশতাধিক গৃহৰক্ষী জোৱানে সোমবাৰে সংবাদ মাধ্যমৰ আগত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে।

গৃহৰক্ষী জোৱানসকলে সংবাদ মাধ্যমৰ আগত কয় যে, দৈনিক ৩০০ টকাৰ মাননীৰে মাহেকত লাভ কৰা ন হাজাৰ টকাৰে এতিয়া পৰিয়াল পোহপাল দিয়াটো অসম্ভৱ হৈ পৰিছে।নিত্য ব্যবহৃত সা-সামগ্ৰীৰ আকাশ লঙ্ঘী মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলোৱা বৰ্তমানৰ সময়ত চিকিৎসাজনিত খৰছ,সন্তানৰ পঢ়া-শুনাৰ খৰছকে ধৰি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় খৰছ ন হাজাৰ টকাৰে মোকাবিলা কৰাটো কোনোপধ্যেই সম্ভৱ নহয়।সন্থাই বিভিন্ন সময়ত গৃহৰক্ষী বাহিনীৰ জোৱানৰ মাননী বৃদ্ধি কৰিবলৈ বাৰম্বাৰ চৰকাৰৰ ওচৰত দাবী জনাই অহাৰ পিছতো আজিলৈকে চৰকাৰে এইক্ষেত্ৰত কোনো ধৰণৰ কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে।

যোৱা বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত গৃহৰক্ষী বাহিনীৰ জোৱান সকলে নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰাপ্য সা-সুবিধা বিচাৰি দাবী জনাইছিল।তেতিয়া অসম চৰকাৰৰ মুখ্য সচিবে তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকৰ প্ৰতিটো সমস্যা আৰু দাবী কাৰ্য্যকৰী কৰা হ'ব বুলি উল্লেখ কৰিছিল।দুয়োপক্ষৰ মাজত তিনিবাৰকৈ হোৱা উক্ত আলোচনাৰ পিছত তেওঁলোকে যোৱা নিৰ্বাচনত সহযোগিতা কৰিছিল।কিন্তু নিৰ্বাচন শেষ হৈ পুনৰ বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত এতিয়ালৈকে গৃহৰক্ষী বাহিনীৰ জোৱান সকলৰ বাবে কোনোধৰণৰ আচনি ৰূপায়ন কৰা নাই নতুন চৰকাৰখনে।আনকি শেহতীয়া অসম বিধান সভাৰ বাজেটতো অসম গৃহৰক্ষী বাহিনীৰ বাবে কোনোধৰণৰ আচনিৰ কথা উল্লেখ নথকাত এতিয়া চৰম হতাশা আৰু অনিশ্চয়তাত ভুগিছে অসমৰ ২৭ হজাৰ গৰাকী গৃহৰক্ষীৰ জোৱান।যাৰ বাবে আজি সংবাদ মাধ্যমৰ আগত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰা গৃহৰক্ষী বাহিনীৰ জোৱান সকলে।

ইফালে গৃহৰক্ষী জোৱানসকলে আত্মজাহৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলিও চৰকাৰক সকীয়নি দিছে।আন এক অভিযোগ মতে,গৃহৰক্ষী বাহিনীৰ জোৱান সকলৰ ছমাহৰ মূৰে মূৰে যি নবীকৰণৰ ব্যৱস্থা আছে উক্ত নবীকৰণৰ নামত তেজপুৰ কমানডেণ্ট অফিচে এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানৰ পৰা তিনি হাজাৰকৈ উৎকোচ সংগ্ৰহ কৰি আহিছে।তেজপুৰ কমানডেণ্ট কাৰ্য্যলয়ত উক্ত তিনি হাজাৰ টকা আদায় নিদিলে গৃহৰক্ষী বাহিনীৰ জোৱান সকলৰ নাম নবীকৰণ নহয় বুলি অভিযোগ উত্থাপন হৈছে।তদুপৰি বৰ্তমান কৰ্মৰত গৃহৰক্ষী বাহিনীৰ জোৱান সকলক প্ৰাপ্য সা-সুবিধা প্ৰদান নকৰাকৈ পুনৰ নতুনকৈ গৃহৰক্ষীৰ জোৱান মকৰল কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে সন্থাৰ বিষয়ববীয়া সকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in